নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকট এতিয়াও শেষ হোৱা নাই : আজিও ইণ্ডিগ’ৰ বিমান বাতিল

নতুন ফ্লাইট সেৱা নিয়মৰ দ্বিতীয় পৰ্যায় প্ৰয়োগ হোৱাৰ পাছত ইণ্ডিগ’-ৰ পৰিচালনাত ব্যাপক বিশৃংখলা সৃষ্টি হয়। এই সময়ছোৱাত ৪,০০০ৰো অধিক বিমান বাতিল হৈছে আৰু শতাধিক বিমান সময়ত উৰা নাই

সংসদত মঙলবাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম মোহন নাইডুৱে স্পষ্টকৈ কয় যে অৱস্থা লাহে লাহে উন্নতি হ’বলৈ ধৰিছে, দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব আৰু সংকটৰ ফলত ক্ষতিগ্ৰস্ত যাত্ৰীসকলক ৰিফাণ্ড প্ৰদান কৰা হৈছে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীৰ এই দাবীৰ পাছতো বাস্তৱিক অৱস্থা এতিয়াও সম্পূৰ্ণভাৱে স্বাভাৱিক হোৱা নাই। বুধবাৰৰ (১০ ডিচেম্বৰ ২০২৫) দিনটোত আকৌ ৩০০ৰো অধিক বিমান বাতিল কৰা হৈছে। ৯ ডিচেম্বৰতো ৪০০ৰো অধিক বিমান বাতিল হৈছিল।

DGCA আৰু বিমান পৰিবহণ মন্ত্ৰালয়ৰ কঠোৰ নিৰীক্ষণৰ মাজতো বিমান সংস্থাটোৱে পৰিচালনা স্বাভাৱিক কৰিবলৈ চেষ্টা চলাইছে, যদিও ৰাজ্যকীয় স্তৰত সংকট চম্ভালি লবলৈ চৰকাৰে ইতিমধ্যে বিমান সেৱা ১০ শতাংশ হ্ৰাস কৰিবলৈ আদেশ আগবঢ়াইছে। ইয়াৰ ফলত যিসকল যাত্ৰীয়ে আগতেই টিকট কাটিছিল, তেওঁলোকে আগন্তুক দিনত প্ৰতিদিনে বিমান বাতিল হোৱাৰ প্ৰভাৱ ভোগ কৰিব লাগিব।

যাত্ৰীসকলক উদ্দেশ্য কৰি এক বিশেষ এডভাইজৰি জাৰি কৰি কোৱা হৈছে— বিমানবন্দৰলৈ ওলোৱাৰ আগতেই নিজৰ ফ্লাইটৰ অৱস্থা পৰীক্ষা কৰি ল’ব। কাৰণ যাত্ৰাৰ সময়সূচী শেষ মুহূৰ্ততো সলনি হ’ব পাৰে। বিমান পৰিবহণ মন্ত্ৰালয়ে মঙলবাৰে জনাইছে যে ইণ্ডিগ’-ক ফ্লাইট সূচী ১০ শতাংশ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে সংকটপূর্ণ অৱস্থাটো স্থিৰ কৰিবলৈ সহায় হয়।

নতুন ফ্লাইট সেৱা নিয়মৰ দ্বিতীয় পৰ্যায় প্ৰয়োগ হোৱাৰ পাছত ইণ্ডিগ’-ৰ পৰিচালনাত ব্যাপক বিশৃংখলা সৃষ্টি হয়। এই সময়ছোৱাত ৪,০০০ৰো অধিক বিমান বাতিল হৈছে আৰু শতাধিক বিমান সময়ত উৰা নাই। নাগৰিক বিমান পৰিবহণ মন্ত্ৰী কে. ৰামমোহন নাইডুৱে এক বিবৃতিত জনায় যে ইণ্ডিগ’-ৰ CEO পীটাৰ এলবাৰ্চক মন্ত্ৰালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল, যাতে তেওঁ সংকটৰ অৱস্থা সম্পৰ্কে বিৱৰণ দিব পাৰে।

তেওঁ জনায় যে পীটাৰ এলবাৰ্চে ছয় ডিচেম্বৰলৈকে বাতিল হোৱা সকলো ফ্লাইটৰ ১০০ শতাংশ ৰিফাণ্ড সম্পন্ন হোৱাৰ কথা নিশ্চিত কৰিছে।

ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ

You might also like