নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপৰিয়ালে ৰাম মন্দিৰ দৰ্শন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ আজি পৰিয়ালৰ সদস্যৰ সৈতে অযোধ্যাত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। তেওঁ পৰিয়ালৰ সৈতে ৰামলালাৰ দৰবাৰত উপস্থিত হয়। তেওঁ পিতৃ-মাতৃ আৰু পত্নীৰ লগত ৰামলালা দৰ্শন কৰে। এই সময়ত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো উপস্থিত থাকে। তেওঁ অযোধ্যাত ভগৱান শ্ৰীৰামৰ দৰ্শন সম্পৰ্কে ছ’চিয়েল মিডিয়াত ফটো আপলোড কৰে। তেওঁ ছচিয়েল মিডিয়াত লিখিছে- আজি মোৰ পিতৃ-মাতৃ আৰু পত্নীৰ সৈতে অযোধ্যাত উপস্থিত হোৱাৰ লগতে শ্ৰীৰাম মন্দিৰত ৰামলালাৰ ঐশ্বৰিক দৰ্শন কৰাৰ সৌভাগ্য হ’ল। এই উপলক্ষে ভগৱন্তজী আৰু তেওঁৰ পৰিয়ালো উপস্থিত থাকে। সকলোৱে মিলি মৰ্যাদাপুৰুষোত্তম ভগৱান শ্ৰীৰামৰ দৰ্শন কৰি দেশৰ প্ৰগতি আৰু সকলো মানৱ জাতিৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰোঁ। অযোধ্যাৰ ৰামলালাৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ অন্তত আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, “ৰামলালাক পূজা কৰি মই অত্যন্ত শান্তি অনুভৱ কৰিলো। প্ৰতিদিনে ইয়ালৈ লাখ লাখ ভক্ত আহে। সঁচাকৈয়ে এই প্ৰেম আৰু ভক্তি। আমি সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰোঁ।” একে সময়তে অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাৰ্থনা কৰাৰ অন্তত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়, “মোৰ বহুদিনে ৰামলালাক দেখাৰ হেঁপাহ আছিল। দেশৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো।” উল্লেখ্য যে ৰামলালাৰ অভিষেক অনুষ্ঠানত মুখ্যমন্ত্ৰী কেজৰিৱাল উপস্থিত নাছিল। তেওঁ কৈছিল যে নিমন্ত্ৰণ পোৱা নাছিল। অৱশ্যে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অভিষেকৰ পাছত তেওঁ নিশ্চিতভাৱে পৰিয়ালৰ সৈতে যাব৷ মুখ্যমন্ত্ৰী কেজৰিৱালে কৈছিল যে তেওঁৰ পিতৃ-মাতৃয়ে ৰামলালাৰ দৰ্শন কৰিবলৈ অতি আগ্ৰহী।

You might also like