নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলিকপ্টাৰ প্ৰসংগ : গৌৰৱ গগৈক উভতি ধৰিলে মন্ত্রী পীয়ুষ হাজৰিকাই

জাগীৰোড-নলবাৰীলৈও হেলিকপ্টাৰেৰে গৈছিল তৰুণ গগৈয়ে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চৰকাৰী খৰচত হেলিকপ্টাৰ ব্যৱহাৰ কৰা বুলি কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে সাংসদৰ মজিয়াত উত্থাপন কৰা অভিযোগ সম্পর্কত মুখ খুলিছে মন্ত্রী পীয়ূষ হাজৰিকাই৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই সাংসদ গগৈক উভতি ধৰি কয় যে পূর্বৰ মুখ্যমন্ত্রী প্রয়াত তৰুণগগৈয়ে গুৱাহাটীৰ পৰা ৫০ কিঃমিঃৰ দূৰত্বৰ জাগীৰোডলৈও হেলিকপ্টাৰযোগে গৈছিল৷ তদুপৰি নলবাৰীলৈও বহুবাৰ তৰুণ গগৈয়ে হেলিকপ্টাৰেৰে গৈছিল৷ সেয়া কোনো চৰকাৰী কার্যসূচীও নাছিল৷ সম্পূর্ণ ব্যক্তিগত ভ্রমণ আছিল গগৈৰ৷ নলবাৰীত গগৈয়ে ধর্মীয় গুৰুক সাক্ষাতৰ বাবে গৈছিল৷ সেই হেলিকপ্টাৰৰ বিল কংগ্রেছ দল বা তৰুণ গগৈয়ে ব্যক্তিগতভাৱেও পৰিশোধ কৰা নাই৷ মন্ত্রী হাজৰিকাই কয় যে তৰুণ গগৈ এতিয়া এই সংসাৰত নাই৷ তেওঁৰ পুত্র গৌৰৱ গগৈয়ে সংসদৰ মজিয়াত হেলিকপ্ঢাৰৰ প্রসংগ উলিওৱাৰ বাবে তেওঁ এই কথা ক’বলগীয়া হৈছে৷ মন্ত্রী হাজৰিকাৰ সাংসদ গগৈলৈ অনুৰোধ– এতিয়াৰে পৰা গৌৰৱ গগৈয়ে হেলিকপ্টাৰৰ কথা উলিয়ালে কওক– মোৰ পিতৃয়ে হেলিকপ্টাৰেৰে যাত্রা আৰম্ভ কৰিছিল আৰু এতিয়া অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই হেলিকপ্টাৰেৰে যাত্রা কৰে৷

You might also like