নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ নাম সলনি কৰি কৰা হওক ইন্দ্ৰপ্ৰস্থ— অমিত শ্বাহলৈ পত্ৰ BJP সাংসদৰ

পুৰণি দিল্লী ৰেলৱে ষ্টেচনৰ নাম ইন্দ্ৰপ্ৰস্থ জংচন আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম ইন্দ্ৰপ্ৰস্থ এয়াৰপৰ্ট কৰা হওক

ৰাজধানী দিল্লীৰ নাম সলনি কৰি ইন্দ্ৰপ্ৰস্থ নামকৰণ কৰিবলৈ দাবী জনাইছে চান্দনী চকৰ সাংসদ প্ৰবীণ খাণ্ডেলৱালে। সাংসদজনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ পঠিয়াই কৈছে— দিল্লীৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি আৰু এই মাটিতেই মহাভাৰত কালত পাণ্ডৱসকলে নিজৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ স্থাপন কৰিছিল। সেয়ে দিল্লীক তাৰ পুৰণি আৰু গৌৰৱময় নামৰে পুনৰ অভিহিত কৰা উচিত বুলি তেওঁ দাবী জনাইছে।

পত্ৰত খাণ্ডেলৱালে আহ্বান জনাইছে— পুৰণি দিল্লী ৰেলৱে ষ্টেচনৰ নাম ইন্দ্ৰপ্ৰস্থ জংচন আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম ইন্দ্ৰপ্ৰস্থ এয়াৰপৰ্ট কৰা হওক। লগতে দিল্লীৰ কোনো এটা গুৰুত্বপূৰ্ণ স্থানত পাণ্ডৱসকলৰ ভব্য প্ৰতিমা স্থাপন কৰাৰো প্ৰস্তাৱ কৰিছে, যাতে নতুন প্ৰজন্মই ভাৰতৰ প্ৰাচীন সভ্যতা আৰু সংস্কৃতিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। তেওঁ এই পত্ৰৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, নাগৰিক বিমান চলাচল মন্ত্ৰী ৰাম মোহন নাইডু আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটকো পঠিয়াইছে।

খাণ্ডেলৱালে কয়— “ইন্দ্ৰপ্ৰস্থ কেৱল এটা নাম নহয়, ই ভাৰতৰ আত্মা, ধৰ্ম আৰু নীতিনিষ্ঠ শাসনৰ প্ৰতীক।” তেওঁ লগতে কয়— যেতিয়া দেশৰ অন্যান্য ঐতিহাসিক নগৰ যেনে প্ৰয়াগৰাজ, অযোধ্যা, বাৰাণসী আৰু উজ্জয়িনী নিজৰ পুৰণি পৰিচয় পুনৰ লাভ কৰিছে, তেতিয়া দিল্লীয়ে নিজৰ আচল নাম ইন্দ্ৰপ্ৰস্থ পুনৰ লাভ কৰা উচিত। এই নাম সলনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাংস্কৃতিক নবজাগৰণৰ দৰ্শনৰ সৈতে সঙ্গতিপূর্ণ বুলি তেওঁ মন্তব্য কৰে।

তেওঁ ইতিহাসৰ উদ্ধৃতি দি কয়— মহাভাৰত কালত (প্ৰায় খ্ৰীষ্টপূৰ্ব ৩০০০ চনত) পাণ্ডৱসকলে হস্তিনাপুৰৰ পৰা ৰাজধানী সলনি কৰি যমুনাৰ কাষত ইন্দ্ৰপ্ৰস্থ নগৰ স্থাপন কৰিছিল। তাৰ পাছতো এই অঞ্চল মৌৰ্য, গুপ্ত আৰু ৰাজপুত যুগত বাণিজ্য আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে পৰিচিত আছিল। তোমৰ ৰাজবংশৰ শাসনকালত ইয়াক “ঢিল্লিক” বুলি জনা গৈছিল, যাৰ পৰা দিল্লী নামটো উৎপত্তি হয়।

প্ৰবীণ খাণ্ডেলৱালে কয়— “ইন্দ্ৰপ্ৰস্থ এয়াৰপৰ্ট” আৰু “ইন্দ্ৰপ্ৰস্থ জংচন” নামবোৰে ভাৰতৰ প্ৰাচীন পৰিচয়ক বিশ্বৰ আগত উজাগৰ কৰিব আৰু ধাৰ্মিক পৰ্যটনকো উৎসাহিত কৰিব। ইয়াৰ ফলত ৰোজগাৰ, ব্যৱসায় আৰু স্থানীয় অৰ্থনীতিও শক্তিশালী হ’ব।

তেওঁ লগতে কয়— “দিল্লী কেৱল আধুনিক ৰাজধানী নহয়, ই পাণ্ডৱসকলৰ ধৰ্মনিষ্ঠ নগৰৰ এক জীৱন্ত ঐতিহ্য। এতিয়া সময় আহিছে দেশৰ ৰাজধানীলৈ তাৰ আচল নাম আৰু পৰিচয় পুনৰ দিবলৈ, যাতে আগন্তুক প্ৰজন্মে জনিব পাৰে — ভাৰতৰ ৰাজধানী কেৱল ক্ষমতাৰ কেন্দ্ৰ নহয়, ই ধৰ্ম, নীতি আৰু ন্যায়ৰ ঐতিহ্যৰ প্ৰতীকও বহন কৰে।”

ডিজিটেল ডেস্ক, ১ নৱেম্বৰ

You might also like