পশ্চিমবংগত বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত আৰু ভোট গণনাৰ পূৰ্বে ষ্ট্ৰং ৰুম আৰু EVMত খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। এই পৰিস্থিতিত নিৰ্বাচন আয়োগে শনিবাৰে (২ মে’) এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যখনত ১৬৫জন অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু ৭৭জন আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰিছে।
আয়োগে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতিত জনোৱা মতে, ভোট গণনা কেন্দ্ৰসমূহৰ আশে-পাশে সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰ্যবেক্ষকসকল ১৬৫টা বিধানসভা সমষ্টিত নিয়োজিত গণনা পৰ্যবেক্ষকসকলক সহায় কৰিব।
নিৰ্বাচন আয়োগৰ মতে, এই ব্যৱস্থাৰ লক্ষ্য হৈছে ভোট গণনা প্ৰক্ৰিয়াক সুৰক্ষিত, শান্তিপূৰ্ণ, ভয়মুক্ত আৰু স্বচ্ছভাৱে সম্পন্ন কৰা। সংবিধানৰ অনুচ্ছেদ ৩২৪ আৰু Representation of the People Act, ১৯৫১ৰ ধাৰা ২০বি অনুসৰি এই নিয়োগ কৰা হৈছে বুলি আয়োগে স্পষ্ট কৰে।
আনহাতে, যি বিধানসভা সমষ্টিত একাধিক গণনা হল আছে, তাত অতিৰিক্ত পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। আৰক্ষী পৰ্যবেক্ষকসকলক গণনা কেন্দ্ৰসমূহৰ বাহিৰত সুৰক্ষা আৰু আইন-শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়।
ইয়াৰ উপৰি আয়োগে কটকটীয়া নিৰ্দেশনা জাৰি কৰি কৈছে যে আৰক্ষী পৰ্যবেক্ষকসকল ভোট গণনাৰ দিনা কোনো পৰিস্থিতিতেই গণনা হলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। লগতে ৰিটাৰ্নিং অফিচাৰে ECINET ব্যৱস্থাৰ জৰিয়তে QR কোড ভিত্তিক পৰিচয় পত্ৰ জাৰি কৰিব, যাৰ সহায়তেহে গণনা কেন্দ্ৰত প্ৰৱেশ সম্ভৱ হ’ব।
ডিজিটেল ডেস্ক, ২ মে’