জুবিন গাৰ্গ মৃত্যুকাণ্ড সন্দৰ্ভত বিশেষ ফাষ্ট-ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সম্পৰ্কে সোমবাৰ (৪ মে’)ত চূড়ান্ত ৰায় ঘোষণা কৰিব।
উল্লেখ্য যে এই গোচৰটোত দৈনিক শুনানি চলাই থকা বিশেষ ফাষ্ট-ট্ৰেক আদালতে ২৮ এপ্ৰিলত জামিন আবেদনৰ শুনানি সম্পূৰ্ণ কৰিছিল। প্ৰথমতে ২ মে’ত ৰায় ঘোষণাৰ দিন ধাৰ্য কৰা হৈছিল যদিও আদালতৰ কাৰ্যবিধি স্থগিত থকাৰ বাবে ৰায় ঘোষণা পিছুৱাই সোমবাৰলৈ স্থগিত কৰা হয়।
ইয়াৰ পূৰ্বে আদালতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ পানী প্ৰস্তুত কাৰখানা জব্দ কৰাৰ লগতে তেওঁৰ ব্যৱহাৰ কৰা ৬টা বেংক একাউণ্টো স্থগিত কৰাৰ নিৰ্দেশ দিয়ে।
তদন্তৰ সময়ত এই একাউণ্টসমূহত ১ কোটি টকাতকৈ অধিক ধন থকা তথ্য পোহৰলৈ আহে। অভিযোগ পক্ষৰ মতে, এই ধনৰ বৈধ উৎস প্ৰমাণ কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই কোনো স্পষ্ট তথ্য আগবঢ়াব পৰা নাই।
আদালতে আৰু উল্লেখ কৰে যে, আগন্তুক শুনানিত যদি শৰ্মাই এই সম্পত্তিৰ উৎস প্ৰমাণ কৰিব নোৱাৰে, তেন্তে জব্দ কৰা ধন জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য বা তেওঁৰ চৰকাৰী ট্রাষ্টলৈ হস্তান্তৰ কৰা হ’ব পাৰে।
ইফালে, একে গোচৰতে বিশেষ ফাষ্ট-ট্ৰেক আদালতে ৩০ এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন ইতিমধ্যে নাকচ কৰিছে।
ডিজিটেল ডেস্ক, ২ মে’