ছত্তিশগড়ত ২০ মাওবাদীৰ আত্মসমর্পণ
নক্সাল দমনৰ বৃহৎ সাফল্য ছত্তিশগড়ত৷ ৰাজ্যখনৰ চুকমা জিলাত অস্ত্র–শস্ত্রসহ ২০জন মাওবাদী নেতাই আত্মসমর্পণ কৰিছে৷ আত্মসমর্পণ কৰা মাওবাদীৰ মূৰৰ দাম মুঠ ৩০ লাখ টকা ঘোষিত আছিল৷
আৰক্ষীয়ে প্রকাশ কৰা মতে ছত্তিশগড়ৰ লগতে বিভিন্ন ৰাজ্যত মাওবাদীৰ বিৰুদ্ধে তীব্র অভিযান চলাই থকাৰ সময়তে ২০ মাওবাদী নেতাই আত্মসমর্পণ কৰাটো নিৰাপত্তা বাহিনীৰ বাবে বৃহৎ সাফল্য৷ আত্মসমর্পণকাৰী এই মাওবাদী সদস্যৰ ভিতৰত ৯গৰাকী মহিলাও আছে৷ দুজনৰ মূৰৰ দাম ৮ লাখ টকাকৈ ঘোষণা কৰা আছিল৷ এই দুগৰাকী মাওবাদী নেতা হৈছে শর্মিলা ওৰফে উইকা ভুইম আৰু টাটা কোছি ওৰফে প্রমীলা৷
আন এগৰাকী ৫৪ বছৰীয়া মুছাকা হুডমাৰ মূৰৰ দাম আছিল ৫ লাখ টকা৷ আত্মসমর্পণকাৰী ২০ মাওবাদীৰ মূৰৰ দাম মুঠ ৩৩ লাখ টকা বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ ইপিনে আত্মসমর্পণকাৰী মাওবাদীক ৫০ হাজাৰ টকা আর্থিক সাহায্য প্রদান কৰাৰ লগতে পুনৰ সংস্থাপন নীতি অনুসৰি চাকৰি তথা অন্যান্য সা–সুবিধা প্রদান কৰিব চৰকাৰে৷
Niyomiya Barta Desk, 4 September