নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানক তামিলনাডুত চৰকাৰ গঠনৰ ৰাজনৈতিক সমীকৰণ… কি পথ ল’ব বিজয়ে

তামিলনাডুৰ ৰাজনীতিত এইবাৰ এক ডাঙৰ পৰিৱর্তন দেখা গৈছে। প্ৰায় ছয় দশক ধৰি চলি অহা দ্ৰাবিড় দলসমূহৰ প্ৰভাৱ ভাঙি অভিনেতা থালাপতি বিজয়ৰ দল Tamilaga Vettri Kazhagam (TVK)য়ে ১০৮টা আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰি দলটোৱে চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰি ৰাজ্যৰ ৰাজনীতিত শক্তিশালী উপস্থিতি জনাইছে।

কিন্তু এই বৃহৎ জয়ৰ পিছতো TVKয়ে এককভাৱে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই। ২৩৪ সদস্যৰ বিধানসভাত স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৮ আসনৰ প্ৰয়োজন হয়, অথচ TVKয়ে ১০৮ আসনহে লাভ কৰিছে। অর্থাৎ, এতিয়াও ১০ আসনৰ অভাৱ আছে। তদুপৰি, বিজয়ে দুটা সমষ্টিৰ পৰা জয়লাভ কৰাৰ বাবে নিয়ম অনুসাৰে এটা আসন এৰিব লাগিব, যাৰ ফলত দলৰ সংখ্যা আৰু এটা হ্ৰাস পাব। চৰকাৰ গঠন হ’লে এজন বিধায়কক স্পীকাৰ হিচাপে নিযুক্তি দিয়াতো প্ৰভাৱ পেলাব।

এই পৰিস্থিতিত TVKয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কমেও ১২জন অতিৰিক্ত বিধায়কৰ সমৰ্থন বিচাৰিব লাগিব। এই লক্ষ্যত দলটোৱে কেইবাটাও বিকল্পৰ ওপৰত চিন্তা-ভাবনা চলাই আছে—

প্ৰথম বিকল্প
DMK জোঁটৰ সৰু দলসমূহৰ সৈতে চৰকাৰ গঠন

  • TVK – ১০৮
  • কংগ্ৰেছ – ৫
  • বাম দল – ৪
  • IUML – ২
  • VCK – ২

দ্বিতীয় বিকল্প
DMK আৰু AIADMK দুয়ো জোঁটৰ সৰু দলসমূহক লগত লৈ চৰকাৰ গঠন

  • TVK – ১০৮
  • কংগ্ৰেছ – ৫
  • PMK – ৪
  • IUML – ২
  • বাম দল – ৪

তৃতীয় বিকল্প
AIADMKৰ সমৰ্থনত শক্তিশালী চৰকাৰ গঠন

  • TVK – ১০৮
  • AIADMK – ৪৭

বৰ্তমান ৰাজনৈতিক পৰিস্থিতিত সৰু দলসমূহ ‘কিংমেকাৰ’ হিচাপে পৰিগণিত হৈছে। কংগ্ৰেছ, বাম দলসমূহ, IUML, VCK আদি দলসমূহে সীমিত আসন লাভ কৰিলেও চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

ইফালে, তামিলনাডুৰ ৰাজ্যপালে শীঘ্ৰেই চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। তেওঁ বিজয়ক চৰকাৰ গঠনৰ দাবী দাখিল কৰিবলৈ আমন্ত্ৰণ জনাব পাৰে অথবা সমৰ্থনৰ প্ৰমাণ দেখুৱাবলৈ ক’ব পাৰে। যদি TVKয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে, তেন্তে দ্বিতীয় সৰ্ববৃহৎ দল DMKক সুযোগ দিয়া হ’ব পাৰে। কোনো দলেই সফল নহ’লে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰি পুনৰ নিৰ্বাচনৰ সম্ভাৱনাও উত্থাপন হৈছে।

ডিজিটেল ডেস্ক, ৫ মে’

You might also like