নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত নিৰ্বাচনত জয়লাভ আৰ জি কৰৰ ভুক্তভোগী চিকিৎসকৰ মাতৃৰ

ডিজিটেল ডেস্ক, ৫ মে’ : পশ্চিমবংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ ফলাফল প্ৰকাশ পোৱাৰ লগে লগে এগৰাকী প্ৰাৰ্থীৰ জয়ে বিশেষ চৰ্চা লাভ কৰিছে। পানীহাটী বিধানসভা সমষ্টিত এইবাৰ এক বিশেষ দৃষ্টান্ত স্থাপন কৰিলে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ভুক্তভোগী চিকিৎসকগৰাকীৰ মাতৃ ৰত্না দেৱনাথে। ব্যক্তিগত বেদনাক শক্তিত পৰিণত কৰি ৰাজনীতিত প্ৰৱেশ কৰা ৰত্না দেৱনাথে এইবাৰ বিজেপিৰ টিকটত পানীহাটী বিধানসভা সমষ্টিৰ পৰা ভোটাৰসকলৰ বিপুল সমৰ্থনত এক উল্লেখযোগ্য বিজয় সাব্যস্ত কৰিছে।

কন্যাৰ শোক বুকুত লৈ দীৰ্ঘদিন ধৰি ন্যায়ৰ বাবে যুঁজ কৰি অহা ৰত্না দেৱনাথৰ এই ৰাজনৈতিক বিজয় সমাজৰ বিভিন্ন স্তৰত আলোচনাৰ বিষয় হৈ পৰিছে। বিজয়ৰ পিছত তেওঁ স্পষ্টকৈ কয় যে এই জয় তেওঁৰ ব্যক্তিগত সাফল্য নহয়, বৰং ন্যায় বিচৰা প্ৰতিজন মানুহৰ কণ্ঠস্বৰ। বিধানসভালৈ গৈ কন্যাৰ হত্যাৰ উচিত বিচাৰ আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰাই তেওঁৰ মূল লক্ষ্য বুলি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ প্ৰতিবাদত চিকিৎসা কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাই ৰাজপথত নমাৰ ফলত বিষয়টো দেশজুৰি চৰ্চিত হৈছিল। এই পৰিপ্ৰেক্ষিততেই নিৰ্বাচনত এই ঘটনাটো এক গুৰুত্বপূৰ্ণ ইছ্যু হিচাপে আত্মপ্ৰকাশ কৰে।

পানীহাটীৰ ভোটাৰসকলে দেৱনাথৰ সংগ্ৰামক সমৰ্থন জনাই যি ৰায় প্ৰদান কৰিছে, সেয়াই এতিয়া তেওঁৰ ওপৰত অধিক দায়িত্ব আৰোপ কৰিছে। তেওঁ কয় যে বিধানসভাৰ ভিতৰত আৰু বাহিৰত দুয়ো ঠাইতে তেওঁ মহিলাসকলৰ সুৰক্ষা আৰু ন্যায়ৰ বাবে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিব।

ইতিমধ্যে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া চলাৰ মাজতে ৰত্না দেৱনাথৰ এই বিজয়ে আগন্তুক দিনত আইন-শৃংখলা, মহিলাৰ সুৰক্ষাৰ বিষয় বিধানসভাত অধিক চৰ্চালৈ আনিব বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে।

You might also like