নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ সভাৰ অন্তত হেলিকপ্টাৰত ৰামলালাৰ সূৰ্য্য তিলক দৰ্শন মোদীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নলবাৰী বৰকুৰাৰ পৰা ৰামলালাৰ সূৰ্য তিলক দৰ্শন কৰে। নিৰ্বাচনী সভাত প্ৰচাৰ চলাবলৈ তেওঁ আজি নলবাৰীত উপস্থিত আছিল। ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে সময় উলিয়াই ৰামলালাৰ সূৰ্য্য তিলকলৈ চাই কয় যে এইটো সকলোৰে বাবে এক আনন্দৰ মুহূৰ্ত। ৰামনৱমী উপলক্ষে ৰামলালাৰ সূৰ্য্য তিলক দাপোণ আৰু লেন্সেৰে নিৰ্মিত ব্যৱস্থাৰ জৰিয়তে অযোধ্যাত কৰা হৈছিল। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দৰ্শনৰ ছবি শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াত তেওঁক হেলিকপ্টাৰত বহি টেবলেটত ৰামলাল্লাৰ দৰ্শন কৰা দেখা যায়। প্ৰধানমন্ত্ৰীয়ে কয়, “নলবাৰীৰ সভাৰ পিছত অযোধ্যাত ৰামলালাৰ সূৰ্য্য তিলকৰ বিস্ময় আৰু অনন্য মুহূৰ্ত প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। শ্ৰীৰাম জন্মভূমিৰ এই বহু প্ৰত্যাশিত মুহূৰ্ত সকলোৰে বাবে এক আনন্দৰ মুহূৰ্ত। এই সূৰ্য্য তিলক হৈছে। উন্নত ভাৰতৰ প্ৰতীক তেওঁ নিজৰ ঐশ্বৰিক শক্তিৰে প্ৰতিটো সংকল্পক এইদৰে আলোকিত কৰিব।” ২২ জানুৱাৰীত অযোধ্যাত উদ্বোধন হোৱা নতুন মন্দিৰত ৰামলালাৰ মূৰ্তি পূজা কৰাৰ পিছত এইখন প্ৰথম ৰাম নৱমী। এই উপলক্ষে দাপোণ আৰু লেন্সৰ দ্বাৰা কৰা সূৰ্য তিলকৰ সময়ত সূৰ্য্যৰ ৰশ্মি ভগৱান ৰামৰ মূৰ্তিৰ কপালত উপনীত হয়। ইয়াৰ এটা ভিডিঅ’ও ওলাইছে, য’ত ৰামলালাৰ কপালত পোহৰ জিলিকি থকা দেখা গৈছে। যিবোৰ দাপোণ আৰু লেন্সৰ জৰিয়তে সূৰ্য্য তিলক কৰা হৈছিল সেইবোৰৰ পৰীক্ষা কালি কৰা হৈছিল।

You might also like