নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NEET (UG) 2026-ৰ নতুন তাৰিখ ঘোষণা NTA-ৰ

মেডিকেল শিক্ষাৰ সপোন দেখা লাখ লাখ শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ বাবে আহিছে এক ডাঙৰ খবৰ। নেচনেল টেষ্টিং এজেন্সী (NTA)-য়ে NEET (UG) 2026 পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰিছে। ভাৰত চৰকাৰৰ অনুমোদনৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে এতিয়া NEET (UG) 2026-ৰ পুনৰ পৰীক্ষা ২১ জুন ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে প্ৰশ্নপত্ৰ ফাদিলৰ অভিযোগৰ পিছত ৩ মে’ত অনুষ্ঠিত হোৱা NEET UG পৰীক্ষা বাতিল কৰা হৈছিল।

NTA-য়ে জাৰি কৰা চৰকাৰী জাননীত কোৱা হৈছে যে সমগ্ৰ দেশত একেলগে এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। শিক্ষাৰ্থীসকলক এতিয়াই চূড়ান্ত প্ৰস্তুতি আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। দেওবাৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু NTA-য়ে কটকটীয়া নিৰাপত্তা আৰু ব্যৱস্থাপনা নিশ্চিত কৰাৰ নিৰ্দেশ দিছে।

এইবাৰ NTA-য়ে শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে বিশেষ সতৰ্কবাণীও জাৰি কৰিছে। সংস্থাটোৱে কয় যে ছ’চিয়েল মিডিয়াত পৰীক্ষাক লৈ বিভ্ৰান্তিকৰ বহু খবৰ প্ৰচাৰ হ’ব পাৰে। সেয়ে কোনো ভুল তথ্যৰ বলি নহ’বলৈ সতৰ্ক থাকিবলৈ আহ্বান জনোৱা হৈছে।

শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৱল NTA-ৰ চৰকাৰী ৱেবছাইট আৰু অফিচিয়েল মাধ্যমত দিয়া তথ্যতহে বিশ্বাস কৰিবলৈ অনুৰোধ জনোৱা হৈছে। কোনো অনঅফিচিয়েল লিংক বা মেছেজৰ জৰিয়তে পোৱা তথ্য সত্য বুলি নাভাবিবলৈও কোৱা হৈছে।

যদি কোনো শিক্ষাৰ্থীৰ পৰীক্ষা, কেন্দ্ৰ বা এডমিট কাৰ্ড সম্পৰ্কীয় কোনো সমস্যা হয়, তেন্তে তেওঁলোকে পোনপটীয়াকৈ নেচনেল টেষ্টিং এজেন্সীৰ সৈতে যোগাযোগ কৰিব পাৰিব।

ইমেইল আইডি: [email protected]
হেল্পলাইন নম্বৰ: 011-40759000 আৰু 011-69227700

  • এতিয়া শিক্ষাৰ্থীসকলৰ হাতত প্ৰায় এটা মাহ সময় আছে। বিশেষজ্ঞসকলে এতিয়া মূলতঃ ৰিভিজন আৰু মোক টেষ্টত মনোযোগ দিবলৈ পৰামৰ্শ দিছে। পৰীক্ষা কেন্দ্ৰৰ তালিকা আৰু এলটমেণ্ট সম্পৰ্কীয় তথ্য শিক্ষাৰ্থীসকলৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু ইমেইলত পঠিয়াই দিয়া হ’ব।

ডিজিটেল ডেস্ক, ১৫ মে’

You might also like