নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত টাটা আইপিএল ফেন পার্ক

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ১৬ আৰু ১৭ মে’ত অনুষ্ঠিত হ’বলগীয়া টাটা আইপিএল ফেন পার্কত লাইভ দেখুৱাৰ বাবে আজি নগাঁও ক্রীড়া সংস্থাৰ স্প’ৰ্টছ ক্লাব পেভিলিয়নৰ সভাকক্ষত এক সংবাদ মেলৰ আয়োজন কৰা হয়৷

সংবাদ মেলত বিচিচিআইৰ আইপিএল ফ্রেঞ্চিছৰ ছিনিয়ৰ অপাৰেটৰ অমিত সিদ্ধেশ্বৰ উপস্থিত থাকি কয় যে দেশৰ যিসমূহ ঠাইত আইপিএলৰ বাবে পর্যাপ্ত পৰিমাণৰ ষ্টেডিয়াম আদি নাই, সেইসমূহ ঠাহত প্রচাৰ আৰু প্রসাৰৰ বাবে এই ফেন পার্কৰ আয়োজন কৰা হৈছে৷

সেই অনুসৰি ১৬ মে’ৰ সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰু ১৭ মে’ত দুপৰীয়া ২.৩০ আৰু সন্ধিয়া ৬.৩০ বজাত আইপিএল খেল লাইভ চাবৰ বাবে ডাঙৰ স্ক্রীন লগাই টাটা আইপিএল ফেন পার্কৰ আয়োজন কৰা হৈছে৷

এহ ফেন পার্কত হুইচেল, চিয়েৰিং, ফেচ পেইণ্টিং, শ্বাউট আউট, ক্রেজি ষ্টাণ্টৰ সৈতে অনুৰাগীসকলে আনন্দ উপভোগ কৰিব পাৰিব৷

বিশেষ বার্তা, নগাঁও, ১৫ মে’

You might also like