নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেৱান্ত ৰেড্ডীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেৱান্ত ৰেড্ডীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ উন্নয়নৰ বাবে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে। ছচিয়েল মিডিয়াত মোদীয়ে লিখিছে, তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ৰেৱান্ত ৰেড্ডীলৈ অভিনন্দন। ৰাজ্যখনৰ অগ্ৰগতি আৰু ইয়াৰ নাগৰিকসকলৰ কল্যাণৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছো।

#বাৰ্তা ডেস্ক

You might also like