দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ
দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থাত এটা ঐতিহাসিক মুহূৰ্ত হিচাপে আজি আৰম্ভ হ’ল দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে এই বিশেষ ৰে’লখনৰ ফ্লেগ অফ কৰে।
একেই সময়তে গুৱাহাটীৰ কামাখ্যা জংচনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্দে ভাৰত ৰে’লখনৰ আনুষ্ঠানিক ফ্লেগ অফ কৰে। এই উপলক্ষে কামাখ্যা ষ্টেচনত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত বহু ৰে’ল বিভাগীয় বিষয়া, জনপ্ৰতিনিধি আৰু নাগৰিক উপস্থিত থাকে।
বন্দে ভাৰত শ্লীপাৰ ৰে’লখন আধুনিক সুবিধাৰে সজ্জিত। এই ৰে’লত আধুনিক শ্লীপাৰ ক’চ, উন্নত সুৰক্ষা ব্যৱস্থা, উন্নত ব্ৰেকিং চিষ্টেম, স্বয়ংক্ৰিয় দৰ্জা আৰু আৰামদায়ক যাত্ৰাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা যাত্ৰীসকলৰ বাবে এই ৰে’লখন বিশেষভাৱে উপযোগী বুলি কোৱা হৈছে। উল্লেখ্য যে ১৪ ঘণ্টাতে পাব গুৱাহাটীৰ পৰা হাওৰা পাব ৰেলখনে।
ফ্লেগ অফ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ লগতে ভাৰতৰ ৰে’ল সংযোগ ব্যৱস্থাত এক নতুন যুগৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। এই অত্যাধুনিক ৰে’ল সেৱাই গুৱাহাটী আৰু কলকাতাৰ মাজৰ যাতায়াত ব্যৱস্থাক সুচল কৰাৰ লগতে যাত্ৰীসকলৰ সময় ৰাহি কৰিব। উত্তৰ-পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ প্ৰদান কৰি এই অঞ্চলৰ উন্নয়নক মূলধাৰালৈ অনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দৃঢ়তা আৰু সদিচ্ছা পুনৰ শক্তিশালী ৰূপত প্ৰতিফলিত হ’ল। বন্দে ভাৰত শ্লীপাৰ ৰে’ল আৰম্ভ হোৱাটো অসমৰ লগতে উত্তৰ-পূবৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ই অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক বিকাশতো সহায়ক হ’ব বুলি তেওঁ মন্তব্য কৰে।
উল্লেখযোগ্য যে বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ সূচনাই ভাৰতীয় ৰে’লৰ আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে।
ডিজিটেল ডেস্ক, ১৭ জানুৱাৰী