নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নজিৰবিহীন : আবকাৰী দুর্নীতিত অভিযুক্ত আম আদমী পাৰ্টী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মে’ : দিল্লীৰ আবকাৰী কেলেংকাৰিৰ গোচৰত নজিৰবিহীন পদক্ষেপ গ্রহণ কৰিলে তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ এইবাৰ অবৈধ ধনৰ লেনদেনৰ গোচৰত অভিযুক্ত হিচাপে ‘আম আদমী পার্টী’ (আপ)ৰ নাম চার্জশ্বীটত উল্লেখ কৰিলে ইডিয়ে৷ লক্ষণীয়ভাৱে অন্তর্ৱর্তী জামিনত মুক্ত হোৱা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালকো এই গোচৰটোত ইডিয়ে অভিযুক্ত হিচাপে উল্লেখ কৰিলে৷ অর্থাৎ আপ আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত অভিযুক্ত হোৱাৰ লগে লগে দলটোৰ সকলো নেতা–কর্মীও অভিযুক্ত হিচাপে চিহ্ণিত হৈছে৷ আদালতত ইডিৰ তৰফৰ পৰা যি ছাপ্লিমেণ্টৰী চার্জশ্বীট দাখিল কৰা হৈছে, তাত গোচৰটোত আপ দলটোৱেই অভিযুক্ত বুলি উল্লেখ কৰা হৈছে৷ ইডিৰ তৰফৰ পৰা ইতিমধ্যে উচ্চতম ন্যায়ালয়ত উল্লেখ কৰা হৈছে যে কেজৰিৱাল আৰু হাৱালা চক্রৰ মাজত ধনৰ লেনদেনৰ ক্ষেত্রত যি আলোচনা হৈছিল, তাৰ প্রামাণিক তথ্য আছে৷ কেজৰিৱালে এই সন্দর্ভত নিজৰ ম’বাইলৰ পাছৱর্ড দিবলৈ অস্বীকাৰ কৰা বিষয়টোও উল্লেখ কৰে ইডিয়ে৷ উল্লেখনীয় যে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে গোচৰটোত ইডিয়ে তেওঁক গ্রেপ্তাৰ কৰা বিষয়টোক প্রত্যাহ্বান জনাই যি আবেদন দাখিল কৰিছিল, তাৰ শুনানিৰ সময়তে আজি ইডিৰ তৰফৰ পৰা এই চার্জশ্বীট আদালতত দাখিল কৰা হয়৷ অৱশ্যে শীর্ষ আদালতখনৰ বিচাৰপতি সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে আজি এই সন্দর্ভত ৰায় সংৰক্ষিত ৰাখিছে৷ স্মর্তব্য যে কেজৰিৱালৰ হৈ অধিবক্তা অভিষেক সিংভিয়ে আদালতত শুনানিৰ সময়ত যুক্তি দর্শোৱাৰ বিপৰীতে ইডিৰ হৈ এডিছনেল ছলিচিটৰ জেনেৰেল এছ বি ৰাজু উপস্থিত থাকে৷ উভয়পক্ষৰ যুক্তি শুনাৰ পাছত বিচাৰপীঠে ৰায় সংৰক্ষিত ৰখা বুলি ঘোষণা কৰে৷

You might also like