নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিল–ইংৰাজীৰে তামিলনাডুত দ্বিভাষা নীতি ষ্টেলিনৰ

কেন্দ্রীয় চৰকাৰৰ নতুন শিক্ষানীতিক আৰম্ভণিৰে পৰা বিৰোধিতা কৰি অহা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে কেন্দ্রক প্রত্যাহ্বান জনাই ৰাজ্যখনত নতুন শিক্ষানীতি বলৱৎ কৰিলে৷ হিন্দী আধিপাত্যৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্রীগৰাকীয়ে নিজ ৰাজ্য তামিলনাডুত বলৱৎ কৰিলে নতুন শিক্ষানীতি৷ এই নতুন শিক্ষানীতি হ’ব দ্বিভাষা নীতি৷

তামিলনাডুৰ স্কুলত এই নতুন শিক্ষানীতিৰ অধীনত শিক্ষার্থীয়ে তামিল আৰু ইংৰাজী ভাষাৰ অধ্যয়ন কৰিব৷ উল্লেখ্য যে ২০২২ চনত তামিলনাডুত দ্বিভাষা বিশিষ্ট শিক্ষানীতিৰ তৎপৰতা আৰম্ভ কৰিছিল৷ সেই লক্ষ্যৰে অৱসৰপ্রাপ্ত ন্যায়াধীশ মুৰুগেশানৰ নেতৃত্বত ১৫জনীয়া কমিটী গঠন হৈছে৷ বিগত বর্ষৰ জুলাই মাহত এই কমিটীয়ে মুখ্যমন্ত্রীৰ ওচৰত দ্বিভাষা নীতি সন্দর্ভত প্রতিবেদন দাখিল কৰিছিল৷ এ

ই প্রতিবেদনৰ আধাৰতে তামিলনাডুত দ্বিভাষা নীতি সন্নিৱিষ্ট নতুন শিক্ষানীতি ঘোষণা কৰে মুখ্যমন্ত্রী ষ্টেলিনে৷ কেন্দ্রৰ ৰাষ্ট্রীয় শিক্ষানীতি আৰু হিন্দী আগ্রাসনৰ বিৰুদ্ধে তামিলনাডু চৰকাৰৰ এই পদক্ষেপ অতিকে গুৰুত্বপূর্ণ৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় শিক্ষানীতিৰ অধীনত তিনি ভাষা নীতিৰ ওপৰত গুৰুত্ব দি আহিছে৷ ইংৰাজী, হিন্দী আৰু আন স্থানীয় ভাষাৰ ওপৰত গুৰুত্ব দিছে কেন্দ্রই৷ কিন্তু তামিলনাডু চৰকাৰে হিন্দীৰ বিৰোধিতা কৰি দ্বিভাষা নীতিৰে ৰাজ্যখনত নতুন শিক্ষানীতি বলৱৎ কৰিলে৷

Niyomiya Barta Desk, 9 August, 2025

You might also like