কঠোৰ DGCA : বিমানবন্দৰত এঘণ্টাৰ লাইভ নিৰীক্ষণ, ত্ৰুটি পোৱা মাত্রে তৎকালে সমাধনৰ নিৰ্দেশ
নতুন নির্দেশনাত DGCA-এ স্পষ্ট কৰিছে যে পৰ্যবেক্ষণ দল কেৱল ওপৰা-উপৰি তদন্ত নকৰি বিমানবন্দৰৰ সকলো গুৰুত্বপূৰ্ণ দিশ একেলগে পৰীক্ষণ কৰিব
শেহতীয়াকৈ বিভিন্ন বিমানবন্দৰত যাত্ৰীৰ বহুত ভিৰ, বিমান বিলম্ব আৰু Indigo-ৰ বিমান বাতিল হোৱা ঘটনাৰ পাছত DGCA (ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েচন)-এ পৰ্যবেক্ষণ প্ৰক্ৰিয়াক পূৰ্বতকৈ অধিক কাঢ়া কৰি তুলিছে। নতুন আদেশ অনুসৰি, দেশৰ সমগ্ৰ মুখ্য বিমানবন্দৰত পৰ্যবেক্ষণ দলসমূহে অভিগমণ কৰাৰ পাছতেই কমেও এক ঘণ্টাৰ অন-দা-স্পট নিৰীক্ষণ কৰিব লাগিব। এই নিৰীক্ষণ সাধাৰণ ৰুটিন পৰ্যবেক্ষণ নহয়, আকস্মিক পৰিদৰ্শনৰো অংশ হ’ব। DGCAৰ লক্ষ্য হ’ল বিমানবন্দৰৰ ব্যৱস্থাপনা, সুৰক্ষা প্ৰক্ৰিয়া আৰু যাত্রী-সুবিধাৰ সকলো মানদণ্ড তৎক্ষণাৎ আৰু স্বচ্ছভাৱে প্ৰয়োগ নিশ্চিত কৰা।
নতুন নির্দেশনাত DGCA-এ স্পষ্ট কৰিছে যে পৰ্যবেক্ষণ দল কেৱল ওপৰা-উপৰি তদন্ত নকৰি বিমানবন্দৰৰ সকলো গুৰুত্বপূৰ্ণ দিশ একেলগে পৰীক্ষণ কৰিব। তাত মুখ্যকৈ থাকিব—
- পাইলট, ইঞ্জিনীয়াৰ, ATC কৰ্মচাৰী আৰু গ্ৰাউণ্ড ষ্টাফৰ লাইচেন্সৰ অৱস্থা পৰীক্ষা
- পাইলটৰ ট্রেনিং ৰিপ’ৰ্ট আৰু ডিউটি ৰোষ্টাৰ সত্যাপণ
- নিয়ম অনুসৰি ষ্টাফৰ উপস্থিতি পৰ্যাপ্ত নে নাই সেইটো পৰীক্ষা।
ইপালে সুৰক্ষাৰ বাবে ছেফ্টি মেনেজমেন্ট ছিষ্টেম, গ্ৰাউণ্ড হেণ্ডলিং, বাগেজ প্ৰচেছিং, ৰেম্প অপাৰেচন আৰু ফুৱেলিং প্ৰক্ৰিয়া, যন্ত্ৰপাতি, বাহন আৰু সংশ্লিষ্ট মেচিনাৰীৰ উপলব্ধতা আৰু কার্যক্ষমতা নিশ্চিত কৰিব।
ইয়াৰ উপৰি যাত্ৰী সুবিধাসমূহ যেনে শাৰীৰ দীৰ্ঘতা, বিমানৰ ষ্টেটাছ আপডেট, বিমান বিলম্ব বা বাতিল হ’লে তথ্য প্ৰদান ব্যৱস্থা, পানী, শৌচালয়, হেল্পডেস্ক আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থা— এই সকলোত ডাঙৰ গুৰুত্ব দিয়া হ’ব। ইয়াৰ লক্ষ্য হ’ল—যাত্ৰীসকলৰ সমস্যাকো এতিয়া পৰ্যবেক্ষণৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা।
নতুন আদেশত পৰ্যবেক্ষণ দল কেৱল অভিযোগ লিপিবদ্ধ কৰাত সীমাবদ্ধ নাথাকে। কোনো ত্ৰুটি দেখা পালে দলক তৎক্ষণাৎ সংশোধনী আদেশ জাৰি কৰাৰ ক্ষমতা দিয়া হৈছে। এই সংশোধনী আদেশসমূহ ২৪ ঘণ্টাৰ ভিতৰত DGCA মুখ্য কাৰ্যালয়ত প্ৰতিবেদন দাখিল কৰা বাধ্যতামূলক। সম্পূৰ্ণ পৰ্যবেক্ষণ ৰিপ’ৰ্ট ৪৮ ঘণ্টাৰ ভিতৰত দাখিল কৰিব লাগিব। ইয়াৰ উদ্দেশ্য সমস্যা কেৱল কাগজত নহয়, তৎক্ষণাৎ সমাধান হ’ব।
যদি কোনো বিমানবন্দৰে DGCA-ৰ আদেশ মানি নলয় বা সময়মতে ত্ৰুটি সংশোধন নকৰে, তেন্তে DGCA নিজৰ Enforcement Policy অনুসৰি কঠোৰ ব্যৱস্থা ল’ব। সেই অনুসৰি অৰ্থদণ্ড, অপাৰেশন সীমাবদ্ধতা আৰু লাইচেন্স সন্দৰ্ভত কঠোৰ সিদ্ধান্ত সিদ্ধান্ত লোৱা হব।
ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ