নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এভাৰেষ্ট-এমডিএইচৰ মচলাত বিষাক্ত পদার্থ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মে’ : বিপজ্জনক মাত্রাত কীটনাশক আছে ভাৰতীয় মচলাত এই বিষয়টোক লৈ বিভিন্ন দেশত সৃষ্টি হৈছে বিতর্ক৷ এইবাৰ ক্ষতিকাৰক ৰাসায়নিক ব্যৱহাৰৰ প্রমাণ পোৱাৰ পাছতে ভাৰতীয় মচলা প্রস্তুতকাৰক সংস্থা এভাৰেষ্ট আৰু এমডিএইচক নিষিদ্ধ কৰিলে নেপালে৷ উল্লেখনীয় যে ক্ষতিকাৰক পদার্থ মিহলি কৰাৰ অভিযোগ তুলি ভাৰতত প্রস্তুত মচলা নিষিদ্ধ কৰা হৈছে ছিংগাপুৰ, হংকং আদি স্থানত৷ এইবাৰ নেপালেও মাত্রাধিক ইথিলিন অক্সাইডৰ দৰে কীটনাশক ভাৰতীয় মচলাত ব্যৱহাৰৰ অভিযোগ আনিছে৷ লক্ষণীয়ভাৱে আমেৰিকা আৰু ব্রিটেইনৰ তৰফৰ পৰাও ভাৰতীয় মচলাৰ ওপৰত কঠোৰ নজৰ ৰখা হৈছে৷ এই দেশ দুখনেও ভাৰতীয় মচলা নিষিদ্ধ কৰিব পাৰে৷

You might also like