নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুলতানপুৰৰ পৰা মনোনয়ন দাখিল কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : আজি উত্তৰপ্ৰদেশৰ চুলতানপুৰ আসনৰ পৰা মনোনয়ন দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীয়ে। মনোনয়ন দাখিল কৰাৰ পিছত তেওঁ কয় যে প্ৰতিটো নিৰ্বাচনতে প্ৰতিযোগিতা থাকে, কিন্তু মই ভাবো আমি জয়ী হ’ম। এই সময়ত মানেকাই আমেথি আৰু ৰায়বেৰেলীৰ পৰা গান্ধী পৰিয়ালে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সম্পৰ্কীয় প্ৰশ্নৰো উত্তৰ দিয়ে। আমেথিৰ পৰা ৰাহুল গান্ধী আৰু ৰায়বেৰেলীৰ পৰা প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সম্পৰ্কীয় প্ৰশ্ন মানেকা গান্ধীক সোধাত তেওঁ কয় যে মনোনয়নৰ বাবে মাত্ৰ দুদিন বাকী আছে। কংগ্ৰেছে কেতিয়া প্ৰাৰ্থী ঘোষণা কৰিব নাজানো। বিজেপিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে চুলতানপুৰ আসনৰ পৰা মানেকা গান্ধীক টিকট প্ৰদান কৰিছে। ২০১৯ চনতো এই আসনৰ পৰা নিৰ্বাচনত জয়ী হৈছিল। ২০১৪ চনৰ পৰা ২০১৯ চনলৈ মোদী চৰকাৰৰ মন্ত্ৰীও আছিল মানেকা। ইয়াৰ পূৰ্বে ২০১৪ চনত মানেকাৰ পুত্ৰ বৰুণ গান্ধী চুলতানপুৰ আসনৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল। ২০১৯ চনত পিলিভীৰ পৰা বৰুণ গান্ধীক বিজেপিয়ে টিকট দিছিল। এইবাৰ বৰুণ গান্ধীৰ ঠাইত পিলিভিটৰ পৰা জিতীন প্ৰসাদক প্ৰক্ষেপ কৰিছে বিজেপিয়ে। ২০১৪ চনত পিলিভিত আসনৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল মানেকা। ২০০৪ চনত তেওঁ বিজেপিত যোগদান কৰে। ইয়াৰ পূৰ্বে ১৯৮৪ চনত ৰাজীৱ গান্ধীৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমেথিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। অৱশ্যে এই নির্বাচনত তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল৷ ইয়াৰ পিছত মানেকাই ১৯৮৮ চনত ভি পি সিঙৰ দল জনতা দল পাৰ্টিত যোগদান কৰে। ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে পিলিভীতৰ পৰা নিৰ্বাচনত জয়ী হৈ কেন্দ্ৰৰ মন্ত্ৰী হয় মানেকাই।

You might also like