নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নাভালনিৰ মৃত্যু হ’লে পৰিণাম ভুঞ্জিব লাগিব ৰাছিয়াই’, আমেৰিকাৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ৰাছিয়াৰ জনপ্ৰিয় বিৰোধী নেতা এলেক্সি নাভালনিৰ স্বাস্থ্যৰ বিষয়ে ভাল খবৰ পোৱাৰ আশা নাই বুলি জানিবলৈ দিছে তেওঁৰ পৰিয়ালে। যোৱা ফেব্ৰুৱাৰীত এটা পুৰণি ধন আত্মসাৎ গোচৰত কাৰাদণ্ড বিহা ৪৪ বছৰীয়া নাভালনিয়ে কাৰাগাৰত পিঠিৰ তীব্ৰ বিষ আৰু ভৰিৰ জঠৰতাৰ বাবে পৰ্যাপ্ত চিকিৎসা সেৱা নোপোৱাৰ বাবে কাৰাগাৰতে অনশন আৰম্ভ কৰিছিল।

নাভালনিৰ পৰিয়াল, চিকিৎসক, উকীল আৰু সহযোগীসকলে কয় যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা ভাল নহয়। তেওঁৰ ব্যক্তিগত চিকিৎসকসকলে সতৰ্ক কৰি দিছে যে তেওঁ কেইদিনমানৰ ভিতৰতে মৃত্যুবৰণ কৰিব পাৰে।

ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াক নাভালনিৰ বিষয়ে সতৰ্ক কৰি দিছে। ৱাশ্বিংটন প্ৰশাসনে কয় যে যদি নাভালনিৰ কাৰাগাৰত মৃত্যু হয়, তেন্তে মস্কোৱে ইয়াৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব।

এতিয়া নাভালনিৰ স্বাস্থ্যৰ বিষয়ে আন্তৰ্জাতিক ক্ষেত্ৰতো উদ্বেগ দেখা গৈছে। তেওঁৰ মৃত্যু হ’লে আন্তৰ্জাতিক সম্প্ৰদায়ে ৰাছিয়াক জবাবদিহি কৰিব বুলিও জানিব পৰা গৈছে। উল্লেখ্য, ভ্লাডিমিৰ পুটিনৰ কট্টৰ সমালোচক নাভালনিৰ দেহত পুটিনৰ ষড়যন্ত্ৰ মৰ্মে বিষ প্ৰয়োগ কৰা বুলিও বাতৰি প্ৰকাশ পাইছিল যদিও ৰাছিয়ান প্ৰশাসনে ইয়াক ভুৱা প্ৰচাৰ বুলি প্ৰকাশ কৰিছিল।

You might also like