নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীত ৬,৬৬২ কনিষ্টবলৰ চাকৰি; আবেদনৰ অন্তিম দিন ৬ জানুৱাৰী

অসম আৰক্ষীত অচিৰেই কনিষ্টবলৰ ৬,৬৬২ সংখ্যক পদত প্রার্থী নিয়োগ কৰা হ’ব৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ইউ বি কনিষ্টবলৰ ২,৩৭১টা আৰু এ বি কনিষ্টবলৰ ৪,২৭১টা পদত প্রার্থীসকলক নিয়োগ কৰা হ’ব৷

উল্লেখ্য যে উক্ত বিজ্ঞাপনৰ ভিত্তিত যিসকল প্রার্থীয়ে আবেদন কৰিছিল, তেওঁলোকে পুনৰ আবেদন কৰাৰ প্রয়োজন নাই৷ ইউ বি কনিষ্টবল পদৰ বাবে প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু এ বি কনিষ্টবল পদৰ বাবে দশম শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ প্রার্থীৰ শৰীৰৰ নূ্ন্যতম উচ্চতা সাধাৰণ, অ’বিচি/এম অ’বিচি আৰু এছচি প্রার্থীৰ ক্ষেত্রত ১৬২.৫৬ চেঃমিঃ (পুৰুষ)/১৫৪.৯৪ চেঃমিঃ (মহিলা) হ’ব লাগিব৷ আনহাতে এছটি–এইচ/পি প্রার্থীৰ উচ্চতা হ’ব লাগিব ১৬০.০২ চেঃমিঃ (পুৰুষ)/১৫২.৪০ চেঃমিঃ (মহিলা)৷

বয়স ১ জুলাই ২০১৯লৈ ১৮–২৫ বছৰ৷ পদৰ ধার্য দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে৷

ইউ বি আৰু এ বি কনিষ্টবলৰ পদ পূৰণ হ’বলগীয়া জিলাসমূহ হৈছে– বাগ্সা (৫৯/১০৬), বৰপেটা (১০৬/১৮৮), বিশ্বনাথ (৫০/৮৯), বঙাইগাঁও (৪৬/৮২), কাছাৰ (১০৮/১৯৩), চৰাইদেউ (৩০/৫৩), চিৰাং (৩০/৫৪), দৰং (৫৭/১০১), ধেমাজি (৪৩/৭৬), ধুবুৰী (৮৭/১৫৫), ডিব্রুগড় (৮৩/১৪৮), ডিমা হাছাও (১৩/২৪), গোৱালপাৰা (৬৩/১১২), হাইলাকান্দি (৪১/৭৩), গোলাঘাট (৬৬/১১৮), ৱেষ্ট কার্বি আংলং (১৯/৩৩), হোজাই (৫৮/১০৩), যোৰহাট (৫৮/১০৩), কামৰূপ গ্রাম্য (৯৪/১৬৮), কামৰূপ মেট্র’ (৬৭/১২০), কার্বি আংলং (৪১/৭৪), কৰিমগঞ্জ (৭৭/১৩৭), কোকৰাঝাৰ (৫৩/৯), লখিমপুৰ (৬৫/১১৬), মাজুলী (১০/১৯), মৰিগাঁও (৬০/১০৭), নলবাৰী (৪৮/৮৬), নগাঁও (১১৮/২১১), শিৱসাগৰ (৩৭/৬৭), শোণিতপুৰ (৬৯/১০৯), ছাউথ শালমাৰা (৩৫/৬২), তিনিচুকীয়া (৮২/১৪৬) আৰু ওদালগুৰি (৫২/৯২)৷

আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলী, পূর্বে প্রকাশিত বিজ্ঞাপন আৰু অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.slprbassam.in লগ–ইন কৰিব পাৰে৷

অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৬ জানুৱাৰী ২০২০৷ 

You might also like