নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয়ত ৫৮ পদৰ বিজ্ঞাপন; আবেদনৰ অন্তিম তাৰিখ ২৭ মার্চ

অসম কৃষি বিশ্ববিদ্যালয়(Assam Agricultural University)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ Registrar-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Senior Scientist-cum-Headৰ ৬টা পদ৷

পদকেইটা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্রত পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ১,৩১,৪০০ টকা৷Subject Matter Specialistৰ ১৯টা পদৰ ৬টা Agronomy/PBGত, ৪টা Horticultureত, ৫টা Soil Scienceত, ৩টাAnimal Scienceত আৰু ১টাPl. Protectionত পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৫৬,১০০ টকা৷Subject Matter Specialist-Agro-Meteorologyৰ ১২পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Agro-Meteorology, Meteorology, Agronomy, Agricultural Physics৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্রৰ GKMS Schemeত পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৫৬,১০০ টকা৷Programme Assistant-Lab. Technicianৰ ১টা পদ৷ পদটো অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্রত পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০ টকা৷Farm Managerৰ ১টা পদ৷ পদটো অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্রত পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০ টকা৷Programme Assistant-Computerৰ ১টা পদ৷ পদটো অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্রত পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০ টকা৷Assistant (Office Superintendent-Cum-Accountant)ৰ ১টা পদ৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০ টকা৷Stenographer Gr. III (Jr. Stenographer-cum-Computer Operator)ৰ ৪টা পদ৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০ টকা৷Agromet Observerৰ ১২টা পদ৷ পদকেইটা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্রত পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ২১,৭০০ টকা৷ শেষত,Driver (Driver-cum-Mechanic)ৰ ১টা পদ৷ দৰমহাৰ নিৰিখ মাহে ২১,৭০০ টকা৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়সৰ মাপকাঠীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটwww.aau.ac.in/kvk-recruitment লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৭ মার্চ, ২০২১৷

You might also like