নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দুস্তান এৰ’নটিকছ লিমিটেডত ১০০ চাকৰি

Aircraft, Helicopters, Aero-Engines, Accessories, Avionics Design, Production, Repair, Overhaul আৰু Upgradeৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা এক আগশাৰীৰ কাৰিকৰী প্রতিষ্ঠান হিন্দুস্তান এৰ’নটিকছ লিমিটেড(Hindustan Aeronautics Limited)ত খালী হৈছে ১০০ পদ৷

যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Design Trainee (60) আৰুManagement Trainee-Technical (40) পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷Design Traineeৰ ৬০ পদৰ ভিতৰত সাধাৰণ শ্রেণীৰ বাবে ২৭টা, এছটিৰ ৪টা, এছচিৰ ৮টা, অ’বিচিৰ ১৬টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৫টা পদ সংৰক্ষিত থাকিব৷

আনহাতে,Management Trainee-Technicalৰ ৪০ পদৰ ভিতৰত সাধাৰণ শ্রেণীৰ বাবে ১৪টা, এছটিৰ ৩টা, এছচিৰ ৭টা, অ’বিচিৰ ১১টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৫টা পদ সংৰক্ষিত থাকিব৷Design Trainee আৰুManagement Tarinee-Technicalৰ পদকেইটাAeronautical, Electrical, Electronics, Mechanical, Computer Science, Metallurgy Engineering আৰুTechnology বিভাগত পূৰণ কৰা হ’ব৷

আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠান/বিশ্ববিদ্যালয়ৰ পৰাAeronautical, Electrical, Electronics, Mechanical, Computer Science, Metallurgy Engineering আৰুTechnology বিষয়ত স্নাতক ডিগ্রীধাৰী নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ৫ এপ্রিল, ২০২১লৈ সর্বোচ্চ ২৮ বছৰ৷ বয়সৰ এই সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ৪০,০০০–১,৪০,০০০ টকা৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা অনলাইন মাধ্যমেৰে হিন্দুস্তান এৰ’নটিকছ লিমিটেডৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছচি, এছটি, দিব্যাংগ আৰু বিভাগীয় প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, বাছনি প্রক্রিয়া, নিযুক্তিৰ স্থানকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এনএইচপিচিৰ ৱেবছাইট www.hal-india.com লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ এপ্রিল, ২০২১৷

You might also like