নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিভাগত ১,৮৩৭ চাকৰিঃ ৫ এপ্রিললৈ বৃদ্ধি আবেদনৰ অন্তিম তাৰিখ

অসম চৰকাৰৰ কৃষি বিভাগ(Under Agriculture Department, Assam)ত মুকলি হৈছে ১,৮৩৭ পদত চাকৰি৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিGauhati UniversityৰExternal Examination Cell Convenor–এ এক নিয়োগ বিজ্ঞাপন জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷

উক্ত পদকেইটা অসম চৰকাৰৰ কৃষি বিভাগৰ খানাপাৰাস্থিত মুখ্য কার্যালয়কে ধৰি ৰাজ্যৰ ভিন্ন জিলাৰ শাখা কার্যালয়সমূহত পূৰণ কৰা হ’ব৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Agril. Extension Asst. (1581), Jr. Asstt-HQ (47), Jr. Asstt.-Dist. Level (153), Stenographer (8), Steno-Typist (5), Electrician (4), PI/FI/FS/Computor (24), Mechanic-Jute (6), Gr. IV (9)৷

Agril. Extension Asst. ১৫৮১ পদৰ ভিতৰত অসংৰক্ষিত ৮৭৬টা পদ, অ’বিচি/এম’বিচি ৪৯৬টা পদ, এছটি–এইচৰ ৪৩টা পদ, এছটি–পিৰ ৬৫টা পদ আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীৰ বাবে ১৪টা পদ সংৰক্ষিত থাকিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱা হ’ব লাগিব৷ অৱশ্যে নিযুক্তিৰ ক্ষেত্রত বিজ্ঞান শাখাত উত্তীর্ণ আৰুRural Back Ground প্রমাণ–পত্রধাৰী প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷

Jr. Asstt-HQ (47) আৰ Jr. Asstt.-Dist. Level (153) পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ ছমহীয়া পাঠ্যক্রমৰ ডিপ্ল’মা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব Stenographer পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু ষ্টেন’গ্রাফীত ডিপ্ল’মাধাৰী হোৱাৰ লগতে প্রতি মিনিটত ইংৰাজীত ৮০টা শব্দ টাইপ কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

Steno-Typist পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ষ্টেন’গ্রাফীত ডিপ্ল’মাধাৰী হোৱাৰ লগতে প্রতি মিনিটত ইংৰাজীত ৮০টা শব্দ টাইপ কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

Electrician পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে আইটিআইৰ পৰা ইলেকট্রিকেল বিষয়ত দুবছৰীয়া ডিপ্ল’মা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

PI/FI/FS/Computor পদৰ প্রার্থী পৰিসংখ্যা, অর্থনীতি/গণিত বিষয়সহ দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

Mechanic-Jute পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে আইটিআইৰ পৰা মেকানিকৰ দুবছৰীয়া ডিপ্ল’মা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

Gr. IV পদৰ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৩৫,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ Gauhati Universityৰ ৱেবছাইট www.gauhati.ac.in/https://xex.gauhati.ac.in লগ–ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ এপ্রিল, ২০২১৷

You might also like