নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য অকাডেমিত ১৭ পদত নিযুক্তিৰ সুযোগ

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ অধীনত পৰিচালিত সাহিত্য অকাডেমিত খালী হৈছে ভিন্ন বর্গৰ ১৭ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Deputy Secretary General (1), Assistant Librarian (1), Assistant Editor (1), Programme Officer (2), Senior Accountant (2), Sales-Cum-Exhibition Assistant (1), Junior Clerk (3), Multi-Tasking Staff (6)৷

Deputy Secretary General পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৬৭,৭০০–২,০৮,৭০০ টকা৷Assistant Librarian পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৫৬,১০০–১,৭৭,৫০০ টকা৷Assistant Editor পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৫৬,১০০–১,৭৭,৫০০ টকা৷Programme Officer পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৫৬,১০০–১,৭৭,৫০০ টকা৷Senior Accountant পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০–১,১২,৪০০ টকা৷Sales-Cum-Exhibition Assistant পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০–১,১২,৪০০ টকা৷Junior Clerk পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ১৯,৯০০–৬৩,২০০ টকা Multi-Tasking Staff পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ সাহিত্য অকাডেমিৰ ৱেবছাইট http://sahitya-akademi.gov.in ভিজিট কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১ নৱেম্বৰ, ২০২১৷

You might also like