নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নকল সোণ ব্যৱসায়ীৰ জালত বহিঃৰাজ্য লোকঃ নাওবৈচাত নকল সোণ কিনিবলৈ আহি  আৰক্ষীৰ হাতত আটক পশ্চিম বংগৰ দুই যুৱক

নিয়মীয়া বাৰ্তা  ২৭অক্টোবৰঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘ দিন ধৰি  নকল সোণৰ অবৈধ ব্যৱসায় চলি থকাৰ মাজতে জিলা আৰক্ষীয়ে এই অবৈধ ব্যৱসায় লগত জড়িত মাষ্টাৰ মাইণ্ড আবু ছহীদ ওৰফে লম্বু ছহীদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও  এই অবৈধ ব্যৱসায়টো এতিয়াও বন্ধ কৰিব পৰা নাই। নকল সোণৰ এই অবৈধ ব্যৱসায়ে দীৰ্ঘ দিনৰে পৰা জিলাখনৰ সামাজিক পৰিবেশ অস্থিৰ কৰি তোলাৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন লোকক জালত পেলাই  সকলো লুট পাট কৰি নাজল নাথল কৰা ঘটনা মাহেকত পাঁচ-ছয়বাৰ সংঘটিত হৈ থকা বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতো কি ৰহস্যজনক কাৰণত এই অবৈধ ব্যৱসায়টো জিলা আৰক্ষীয়ে নিঃশেষ কৰিব পৰা নাই সেৱা বৰ্তমান জিলাখনত আলোচ্য বিষয় হিচাপে বিবেচিত হৈছে।

সোমবাৰেই  এনে  ঘটনাই পুনৰাবৃত্তি  ঘটিল  নাওবৈচাত। সোমবাৰে নিশা এই অবৈধ চক্ৰটোৰ প্ৰবঞ্ছনাত পৰি    পশ্চিম বংগৰ দুই যুৱক  দলহাট আৰক্ষী চকীৰ অন্তৰ্গত ৰাজআলিত প্ৰবঞ্ছনাৰ বলি হোৱাৰ লগতে দলহাট আৰক্ষী চকীৰ আলহী হ’ব লগা হ’ল।  অবৈধ নকল সোণৰ চক্ৰটোৰ প্ৰবঞ্ছনাৰ বলি হোৱা পশ্চিম বংগৰ  অচিত তৰফদাৰ আৰু শ্যামল চৰকাৰ নামৰ দুই যুৱক দলহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ তৎপৰতা ৰক্ষা পৰে যদিও সোধপোছৰ বাবে  আটক কৰে।

উল্লেখযোগ্য যে দলহাট আৰক্ষী চকীৰ অধীনস্থ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ দলহাট তিনিআলিৰ সমীপত কালি নিশা প্ৰায় ১০.৩০ মান বজাত উক্ত অচিনাকি দুই যুৱক সন্দেহজনক অৱস্থাত ঘূৰি পকি থকাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলৰ চকুত পৰে। সংগঠনটোৰ সদস্যসকলে লগতে স্থানীয় লোকে যুৱক দুজনক   সোধপোছ কৰাত নাওবৈচাৰ মহঘুলিৰ ৰাজিবুল নামৰ নকল সোণ ব্যৱসায়জনে তেওঁলোকক ফোনৰ জৰিয়তে  মাতি আনি নকল সোণৰ যীশুখ্ৰীষ্টৰ এটা মূৰ্তি দিম বুলি কথা দিছিল। সেই সূত্ৰে উক্ত যুৱক দুজনে সোমবাৰে নিশা নকল সোণৰ যীশুখ্ৰীষ্টৰ মূৰ্তি নিবলৈ আহি নাওবৈচাত উপস্থিত হয়। পিছত সংগঠন সদস্য কেইজনে দলহাট আৰক্ষীক খৱৰ দিয়াত আৰক্ষী উপস্থিত হৈ যুৱক দুজনক আটক কৰে যদিও নকল সোণৰ ব্যৱসায়জন পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে দলহাট আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়জনৰ সন্ধানত নামি পৰিছে।

input-   নিতুল বৰা

You might also like