নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাত ১৯১পদত নিযুক্তিৰ সুযোগঃ আবেদনৰ অন্তিম তাৰিখ ২৩ জুন

কেন্দ্রীয় চৰকাৰৰ অধীনত পৰিচালিত ভাৰতীয় সেনাবাহিনী(Indian Army)ত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন অবিবাহিত পুৰুষ–মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰিSSC (57th Short Service Commission-(Tech)-Men, 28th Short Service Commission (Tech)-Women আৰুWidows of Defence Personnel for Tech & Non-Tech (Non-UPSC)ৰ অধীনত বিষয়াৰ ১৯১ পদ পূৰণ কৰা হ’ব৷ মুঠ খালী পদ ১৯১টাৰ ভিতৰতSSC Technical) শিতানৰCivil/Building Construction Technology (60), Architecture (1), Mechanical (5), Electrical/Electrical & Electronics (8), Electronics (2), Computer Science & Engineering/Computer Technology/M.Sc. Computer Science (31), Information Technology (12), Electronics & Telecommunication (5), Telecommunication (4), Electronics & Communication (5), Satellite Communication (3), Micro Electronics & Microwave (3), Aeronautical/Aerospace/Avionics (6), Electronics & Instrumentation/Instrumentation (4), Automobile Engineering (3), Production (3), Industrial/Manufacturing/Industrial Engineering & MGT (6), Opto Electronics (3), Fibre Optics (2), Bio Technology (1), Ballistics Engineering (1), Rubber Technology (1), Chemical Engineering (1), Workshop Technology (3), Laser Technology (2) পদ পূৰণ কৰা হ’ব৷ আনহাতেSSCW (Tech) শিতানৰCivil/Building Construction Technology (5), Mechanical (1), Electrical/Electrical & Electronics (1), Computer Science & Engineering/Computer Technology/M.Sc. Computer Science (4), Information Technology (2), Aeronautical/Aerospace/Avionics (1) পদ পূৰণ কৰা হ’ব৷Widows of Defence Personnel শিতানৰ দুটা পদ পূৰণ কৰা হ’ব৷

ইয়াৰে ১টা পদSSC (W) Tech বিভাগত আৰুSSC (W) (Non-Tech) (Non UPSC) বিভাগত ১টা পদ পূৰণ কৰা হ’ব৷SSC (Tech-Men) আৰুSSCW (Tech-Women) পদৰ প্রার্থীৰ ১ অক্টোবৰ ২০২১ লৈ বয়স ২০–২৭ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২ অক্টোবৰ ১৯৯৪ আৰু ১ অক্টোবৰ ২০০১ মাজত হোৱা হ’ব লাগিব৷ আনহাতে, Widows of Defence Personnel পদৰ প্রার্থীৰ বয়স ১ অক্টোবৰ ২০২১ লৈ সর্বোচ্চ ৩৫ বছৰ৷SSCW (Non-Tech) পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷

আনহাতে,SSCW (Tech) পদৰ প্রার্থী বিই/বি–টেক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ প্রশিক্ষণৰ সময়ছোৱাত নিযুক্তিপ্রাপ্তই ১২,৯০৮ টকা লাভ কৰিব৷ প্রশিক্ষণ সমাপ্ত হোৱাৰ পিছত নিযুক্তিপ্রাপ্তইLieutenant, Caption, Major, Lt. Colonel, Colonel (TS), Colonel, Brigadier, Major General, Lt. General/ HAG Scale, Hag+Scale (Admissible to 1/3rd of total strength of Lt. Generals), VCOAS/army Cdr/Lt Gen (NFSG), COAS পদলৈ পদোন্নতি লাভ কৰিব৷ দৰমহাৰ নিৰিখ ক্রমে ৫৬,১০০–১,৭৭,৫০০ টকা, ৬১,৩০০–১,৯৩,৯০০ টকা, ৬৯,৪০০–২,০৭,২০০ টকা, ১,২১,২০০–২,১২,৪০০ টকা, ১,৩০,৬০০–২,১৫,৯০০ টকা, ১,৩৯,৬০০–২,১৭,৬০০ টকা, ১,৪৪,২০০–২,১৮,২০০ টকা, ১,৮২,২০০–২,২৪,১০০ টকা, ২,০৫,৪০০–২,২৪,৪০০ টকা, ২,২৫,০০০ টকা, ২,৫০,০০০ টকা৷ আগ্রহীসকলে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় সেনাবাহিনীৰ ৱেবছাইটwww.joinindianarmy.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৩ জুন ২০২১৷

You might also like