নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন চৰকাৰখনৰ পৰা আমি কি বিচাৰোঁ

ৰাজ্যত নতুন চৰকাৰ গঠন হ’ল৷ চৰকাৰখনৰ মুখ্যমন্ত্রী প্রমুখ্যে আন আন মন্ত্রীসকলে আৰম্ভণিতে দেখুওৱা কার্যদক্ষতা দেখি ‘যি মূলা বাঢ়িব তাৰ দুপাততে চিন’ বোলা আপ্তবাক্যশাৰীলৈ মনত পৰি গ’ল৷ নক’লেও হ’ব– আমাৰ ৰাজ্যখন এখন সমস্যাবহুল ৰাজ্য৷ বানপানী আৰু গৰাখহনীয়াৰ দৰে প্রাকৃতিক দুর্যোগে ৰাজ্যখনৰ অর্থনীতিত প্রতিবছৰে মাধমাৰ শোধাই থকাটো নতুন কথা নহয়৷ তদুপৰি আমাৰ ৰাজ্যখন এখন সততে আন্দোলনমুখৰ হৈ থকা ৰাজ্য বুলিও জনাজাত৷ স্বৰাজোত্তৰৰ ৭৩ বছৰতো ৰাজ্যখনৰ সামগ্রিক উন্নয়ন আশা কৰা অনুপাতে নোহোৱা কথাটো দিনৰ পোহৰৰ দৰে সত্য৷ ইখনৰ পিছত সিখন চৰকাৰ আহিল আৰু গ’ল৷ কিন্তু ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ গতি কেৰেলুৱাৰ গতিতে চলি থাকিল৷
নতুন চৰকাৰখনৰ কাম–কাজবোৰত পূর্বতকৈ অধিক পৰিমাণে গতিশীলতা আহিব বুলি আশা কৰিছোঁ৷ বর্তমান চৰকাৰখনে অতি মহামাৰী ক’ৰোনাৰ নিয়ন্ত্রণত ব্যস্ত থকাত ৰোগটো অতি সোনকালে নিৰাময়ৰ ব্যৱস্থা হ’ব বুলি আশা কৰিছোঁ৷ কিন্তু ক’ৰোনা অতিমাৰী নিয়ন্ত্রণৰ সমান্তৰালভাৱে ৰাজ্যখনৰ আন আন কামবোৰো পৰিকল্পনা অনুসৰি কৰিবলৈ প্রয়াস কৰা উচিত৷ ৰাজ্যখনৰ প্রতিগৰাকী বাসিন্দাই নতুন চৰকাৰখনে কিবা এটা নতুনত্ব আনিব বুলি আশাবাদী হৈ আছে৷ নতুন চৰকাৰখনৰ পৰা ৰাজ্যখনৰ সামগ্রিক উন্নয়ন লেখত ল’বলগীয়া হ’ব বুলি আমি আশা কৰিছোঁ৷ আমি নতুন চৰকাৰখনৰ পৰা বিচৰা আশাবোৰ এনেধৰণৰ–
(১) আমাৰ ৰাজ্যৰ নিবনুৱা সমস্যা এটা ভয়াৱহ সমস্যা হৈ গৈ আছে৷ প্রতিবছৰে নিবনুৱাৰ সংখ্যাটো ডাঙৰ হৈ গৈ আছে৷ অকল চৰকাৰী চাকৰিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান যে কৰিব নোৱাৰে, সেয়া ধুৰূপ৷ নতুন চৰকাৰখনে দীর্ঘম্যাদী আৰু হ্রস্বম্যাদী পৰিকল্পনাৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত আগবাঢ়ি যাব লাগিব৷ ৰাজ্যত প্রধানকৈ উদ্যোগৰ অভাৱ৷ যাৰ ফলত নিবনুৱা সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যখনত যিকেইটা উদ্যোগ আছিল, সেইকেইটাৰ মৰিশালি যাত্রা কোন কেতিয়াবাই হৈছে অপৰিপক্ব পৰিচালনা আৰু চৰকাৰৰ দূৰদর্শিতাৰ অভাৱত৷ সেই উদ্যোগকেইটাক পুনৰুজ্জীৱিত কৰিলেও ৰাইজে কিছু সকাহ পাব বুলি আশা কৰিব পাৰি৷ নতুন চৰকাৰখনে ইয়াৰ কাৰণে উদ্যোগ লওক৷ কোনেও যাতে অমুক উদ্যোগটো পুনৰুজ্জীৱিত কৰিব লাগে বুলি আন্দোলন কৰিব লগা নহয়৷
(২) কর্মসংস্কৃতি ৰাজ্য এখনক সকলো দিশতে আগবঢ়াই নিয়াৰ প্রধান চাবিকাঠী বুলিব পাৰি৷ ৰাজ্যৰ প্রতিটো বিভাগৰ প্রতিটো কার্যালয়ত কর্মসংস্কৃতি গঢ়ি তোলাৰ ব্যৱস্থা কৰক৷ ৰাজ্যখনৰ উন্নতিৰ হকে প্রতিজন কর্মচাৰী, বিষয়াই সময় অপব্যয় নকৰাকৈ কাম কৰাৰ এক পৰিৱেশ ৰচনা কৰক৷ কার্যালয়ৰ আৰম্ভণি আৰু সামৰণিৰ সময় সঠিক চিন্তা কৰি কৰক৷ বর্তমান ৯.৩০ বজাৰ চৰকাৰী কার্যালয়ত কিমানগৰাকী কর্মচাৰী উপস্থিত থাকে, সেয়া সকলোৱে জনা কথাবোৰৰ এটা৷ নতুন চৰকাৰখনে কর্মচাৰীসকলক কাজুৱা কৰিবৰ কাৰণে উপায় উদ্ভাৱন কৰক৷ কোনো এটা কামেই যাতে পেলাই থোৱা নহয়, সেয়া নিশ্চিত কৰক৷ কার্যালয়ত উৎকোচ লোৱা সম্পূর্ণ নিৰাময় কৰিব পাৰিলে ভাল৷ কিন্তু সেয়া কিমান সম্ভৱ হ’ব? উৎকোচ লৈ লৈ অভ্যাস হোৱা কর্মচাৰী–বিষয়াই সেই অভ্যাস এৰিব পাৰিবনে? চৰকাৰৰ পৰিকল্পনাই এৰুৱাব পাৰিবনে? কামেহে যে ৰাজ্যখনক প্রগতিৰ পথত আগবঢ়াই নিব পাৰিব, সেয়া ধুৰূপ৷
(৩) এখন ৰাজ্যৰ মাতৃভাষাটোৱেই ৰাজ্যখনৰ ৰাজ্যভাষা হ’ব লাগে৷ ৰাজ্যৰ সকলো কামতে আমাৰ মাতৃভাষা অসমীয়া ব্যৱহাৰ হ’ব লাগে৷ ইয়াৰ কাৰণে আমাৰ ৰাজ্যত ভাষা আন্দোলনো হৈ গ’ল৷ আন্দোলনত শ্বহীদ হ’ল৷ কিন্তু অসমত আজিও ৰাজ্যভাষা অসমীয়া নহ’ল৷ কেইখনমান নামফলকত অসমীয়া লিপি ব্যৱহাৰ কৰিলেই নিজৰ ভাষাটো ৰাজ্যভাষা হৈ গ’ল বুলি ক’ব নোৱাৰি৷ এই সংক্রান্তত অসমৰ জাতীয় সংগঠনবোৰে সদায় মাত মাতি আহিছে যদিও বাস্তৱত সেয়া কার্যকৰী হোৱা নাই৷ অসমীয়া ভাষাত লিখি নিয়া আবেদন এখন অসমীয়া মাধ্যমত পঢ়ি বিষয়া হোৱাজনে ইংৰাজীতে অনুমোদন জনায়৷ অতি সম্প্রতি চৰকাৰীভাৱে যিমানবোৰ নীতি–নির্দেশনা আহিছে, সকলোচোন ইংৰাজী ভাষাত লিখা৷ প্রচাৰ মাধ্যমৰ লোকসকলে সেই ইংৰাজীত লিখা নীতি–নির্দেশনাবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰি জনসাধাৰণক জনাব লগা হয়৷ ইয়াতকৈ দুখৰ খবৰ আন কিবা থাকিব পাৰেনে? আমাৰ ৰাজ্যত আজিও ৰাজ্যভাষা অসমীয়া কিয় হোৱা নাই? আমাৰ ইংৰাজীপ্রীতি অধিক হৈছে নেকি বাৰু? অৱশ্যে য’ত ইংৰাজী ভাষা ব্যৱহাৰ নকৰিলে নহয়, তাত কৰাত আমাৰ আপত্তি নাই যদিও পাৰিলে দ্বৈত ভাষা প্রয়োগ কৰক৷ নতুন চৰকাৰখনৰ পৰা অসমীয়া ভাষাটোৱে প্রকৃততে ৰাজ্যভাষাৰ মর্যাদা পাব পৰা কাম কৰিব পাৰিবনে বুলি সুধিবৰ মন গৈছে৷ সকলো কাম–কাজ অসমীয়া ভাষাত কৰাবলৈ নতুন চৰকাৰখনে তৎপৰতাৰে কাম কৰিব পাৰিবনে? আমি আশা কৰিছোঁ– নতুন চৰকাৰখনে এই কাম কৰিব পাৰিব৷
(৪) আমাৰ ৰাজ্যৰ শিক্ষা জগতখনত আজিও অলেখ সমস্যা আছে৷ বিশেষকৈ প্রাথমিক আৰু মাধ্যমিক শিক্ষাৰ কথাকে ক’ব পাৰি৷ আমি জনাত নিজৰ নিজৰ অঞ্চলৰ উঠি অহা চামটোক শিক্ষাৰ পোহৰেৰে আলোকিত কৰিবলৈ সেই সেই অঞ্চলৰ ৰাইজে সমূহীয়াভাৱে ত্যাগ কৰি একোখন শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰিলে৷ সেই শিক্ষানুষ্ঠানবোৰত প্রাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰৰ ছাত্র–ছাত্রীয়ে শিক্ষাগ্রহণ কৰি আছে৷ এচাম শিক্ষক–শিক্ষয়িত্রীয়ে বিনাবেতনে মানৱ সম্পদ গঢ়াত আত্মনিয়োগ কৰি আছে৷ কিন্তু তেনে বহু শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ আওতাৰ পৰা বঞ্চিত হৈ আছে৷ ৰাজ্যৰ প্রাথমিক আৰু মাধ্যমিক শিক্ষাক অধিক ত্বৰান্বিত কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা এই শিক্ষক–শিক্ষয়িত্রীস চৰকাৰৰ মুখলৈ আশা কৰি চাই আছে কিবা এটা হ’ব বুলি ভাবি৷ আমি ভাবিছোঁ– নতুন চৰকাৰখনে এই শিক্ষানুষ্ঠানবোৰক প্রাদেশিকীকৰণ কৰিবলৈ সাহসেৰে আগবাঢ়ি আহিব৷ আনহাতে, ৰাজ্যৰ বহু প্রাথমিক বিদ্যালয়ত আজিও এগৰাকী শিক্ষক বা শিক্ষয়িত্রীয়ে পাঠদান কৰি আছে৷ এই এজনীয়া শিক্ষক বা শিক্ষয়িত্রী থকা প্রাথমিক বিদ্যালয়বোৰত একাধিক শিক্ষক–শিক্ষয়িত্রীৰ নিযুক্তি অতি সোনকালে কৰা উচিত বুলি ভাবোঁ৷ তদুপৰি বহু প্রাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বছৰ বছৰ ধৰি শিক্ষকৰ পদ, কার্যালয় সহায়কৰ পদ, চতুর্থ বর্গৰ কর্মচাৰীৰ পদ খালী হৈ আছে৷ ইয়াৰ ফলত ৰাজ্যখনৰ মাধ্যমিক শিক্ষাৰ উত্তৰণত ব্যাঘাত জন্মিছে৷ নতুন চৰকাৰখনে এই ক্ষেত্রত গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব বুলি আশা কৰিছোঁ৷ ইয়াৰ লগতে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কথাও চিন্তা কৰিব লাগিব৷ ছাত্র–ছাত্রীৰ অভাৱত এখনো মাতৃভাষা মাধ্যমৰ বিদ্যালয় যাতে বন্ধ হৈ নাযায়, তাৰ প্রতি নতুন চৰকাৰখনে দৃঢ় পদক্ষেপ গ্রহণ কৰিব বুলি আশা কৰিলোঁ৷ ৰাজ্যখনৰ শিক্ষা জগতৰ লগত জডিত শিক্ষক সমাজৰ কিছু কিছু সমস্যা আছে৷ এই সমস্যাবোৰ সমাধানৰ কাৰণে নতুন চৰকাৰখন আগবাঢ়ি অহা উচিত৷ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহত থকা অভাৱবোৰ পূৰণ কৰিবলৈ নতুন চৰকাৰখনে ইতিবাচক পদক্ষেপ গ্রহণ কৰা উচিত৷ কাৰিকৰী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব বুলি আশা কৰিছোঁ৷
(৫) আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখন কৃষিপ্রধান৷ কৃষিৰ ওপৰতে নির্ভৰ কৰি ৰাজ্যখনৰ সিংহভাগ লোকে জীৱন নির্বাহ কৰি আছে৷ কিন্তু অতি দুখেৰে ক’ব লগা হৈছে যে ৰাজ্যখনৰ সৰহভাগ কৃষিপথাৰত বছৰটোত মাত্র এটা খেতি কৰিয়েই আমাৰ খেতিয়কসকলে বাকী সময়ছোৱা পথাৰবোৰ এনেয়ে পেলাই থয়৷ ৰাজ্যৰ কোনো কোনো খেতিয়কে এডৰা মাটিত দুতৰপীয়া খেতি কৰে যদিও তেনে খেতিয়কৰ সংখ্যা নিচেই কম৷ গতিকে অসমৰ সাৰুৱা পথাৰবোৰত অতি বেছি দুটা খেতি কৰাৰ ব্যৱস্থা কৰিবলৈ নতুন চৰকাৰখনে অতি গুৰুত্বসহকাৰে চিন্তাচর্চা কৰি উপায় উদ্ভাৱন কৰক৷ খৰালি সময়ত খেতি কৰিবলৈ জলসিঞ্চন ব্যৱস্থাৰ আৱশ্যকতাৰ কথা নক’লেও হ’ব৷ ৰাজ্যখনত বর্তমান থকা জলসিঞ্চন আঁচনিবোৰ কিমান কার্যক্ষম হৈ আছে, সেয়া আমি সকলোৱে দেখি আছোঁ৷ নতুন চৰকাৰখনে পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিলে আৰু কৃষি বিভাগটো অধিক কাজুৱা হ’লে ৰাজ্যখনতে পর্যাপ্ত পৰিমাণৰ ধান উৎপাদন হ’ব৷ আনুষংগিক শস্যবোৰৰ কথা আছেই৷ নতুন চৰকাৰে জলসিঞ্চন বিভাগটোক খেতিয়কৰ সেৱাৰ কাৰণে কাম কৰিবলৈ বাধ্য কৰক৷ তদুপৰি কৃষি বিভাগে বহু তৰপীয়া খেতিৰ প্রতি খেতিয়কক আকর্ষণ কৰাৰ ব্যৱস্থা কৰক৷ খেতিয়কৰ উৎপাদিত শস্য সংৰক্ষণ কৰিবলৈ প্রতি জিলাই জিলাই একোটা শীতলীকৰণ ভঁৰালৰ প্রয়োজন বুলি আমি ভাবিছোঁ৷ নতুন চৰকাৰখনৰ পৰা এই আশা কৰিছোঁ৷ কৃষিৰ লগতে মীনপালন, পশুপালন, দুগ্ধ উৎপাদন আদিত নতুন চৰকাৰে গুৰুত্ব আৰোপ কৰক৷ প্রকৃতিয়ে উজাৰি দিয়া সম্পদৰ সদ্ব্যৱহাৰ কৰিবলৈ চৰকাৰ আগবাঢ়ি আহক৷ মীনপালনৰ ওপৰত যিমান গুৰুত্ব দিব লাগে, সিমান দিয়া উচিত৷ এনেয়ে পৰি থকা বিল, ডোবা আদিত মাছ পোহাৰ ব্যৱস্থা কৰক, যাতে মাছৰ কাৰণে ৰাজ্যখন স্বনির্ভৰশীল হ’ব পাৰে৷ দুগ্ধ উৎপাদন, কণী উৎপাদনৰ ওপৰত গুৰুত্ব দি ৰাজ্যৰ অর্থনীতি টনকিয়াল কৰাত সহায় কৰক৷ নামত যাতে কোনো বিভাগ বহি নাথাকে, তাৰো ব্যৱস্থা কৰক৷
(৬) আৰম্ভণিতে ৰাজ্যখনৰ বান আৰু গৰাখহনীয়াৰ দৰে প্রাকৃতিক দুর্যোগৰ কথা উল্লেখ কৰা হৈছে৷ নতুন চৰকাৰে বানমুক্ত অসম গঢ়ি তোলাৰ কথা কৈ থকা আমি শুনিছোঁ৷ কিন্তু সেয়া কেনেদৰে কার্যকৰী কৰে, তালৈ আমি আগ্রহেৰে লক্ষ্য কৰিম৷ নতুন চৰকাৰখনে কোৱা কথাবোৰ বাস্তৱায়িত কৰিলেহে কোৱা কথাৰ মূল্য থাকিব৷ কাৰণ আমি জানো যে কোৱা আৰু কৰাৰ মাজত বহুত পার্থক্য আছে৷ নতুন চৰকাৰখনৰ পৰা সেই পার্থক্য নাপাম বুলি ভাবিছোঁ৷ ব্রহ্মপুত্র নদীকে ধৰি অন্যান্য নৈয়ে বিভিন্ন ঠাইত গৰাখহনীয়াৰ সৃষ্টি কৰি হাজাৰ হাজাৰ লোকক ভূমিহীন আৰু গৃহহীন কৰি পেলাইছে৷ বছৰ বছৰ ধৰি এনে প্রক্রিয়া ৰাজ্যখনৰ অনেক ঠাইত চলি আছে৷ গৰাখহনীয়াত পিতৃভিঠা হেৰুৱাই নিঠৰুৱা হোৱাসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কিমান কৰা হ’ল, সেয়া দেখি থকা কথা৷ গৰাখহনীয়াত সর্বস্বান্ত হৈ অ’ত–ত’ত অনিশ্চিত ভৱিষ্যতক ধিয়াই আশ্রয় লৈ থকাসকলক নিৰাপদ ঠাইত পুনৰ সংস্থাপনৰ ব্যৱস্থা নতুন চৰকাৰখনে কৰক৷ সেই নিঃস্ব লোকসকলৰ মুখত এমোকোৰা হঁাহি বিৰিঙাই তোলক৷ ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা গৰাখহনীয়াৰ স্থায়ী প্রতিৰোধৰ ব্যৱস্থা কৰক৷
(৭) আমাৰ ৰাজ্যখনৰ গ্রামাঞ্চলত সকলো ধৰণৰ আধুনিক সা–সুবিধা থকা উন্নত চিকিৎসালয় আজিও প্রতিষ্ঠা নহ’ল বুলি ক’ব পাৰি৷ গ্রামাঞ্চলৰ ৰাইজে থাউকতে উন্নত চিকিৎসা পাবলৈ চিকিৎসালয়ৰ অভাৱৰ কাৰণে আৰু আর্থিক দৈন্যৰ কাৰণে ৰোগীক উন্নত চিকিৎসাৰ কাৰণে চহৰৰ ডাঙৰ ডাঙৰ চিকিৎসালয়লৈ নিব নোৱাৰে৷ ফলত ৰোগীক নেদেখাজনৰ ওপৰত এৰি দিব লগা হয়৷ নতুন চৰকাৰখনে গ্রামাঞ্চলত উন্নত চিকিৎসা ব্যৱস্থাৰ কাৰণে যাৱতীয় পদক্ষেপ ল’ব পাৰিবনে বুলি প্রশ্ণ উত্থাপন হৈছে৷ বর্তমান গ্রামাঞ্চলত যিবোৰ চিকিৎসালয় আছে, সেইবোৰক অধিক উন্নত কৰাৰ কথা নতুন চৰকাৰখনে চিন্তা কৰক৷ যিবোৰ গ্রাম্য চিকিৎসালয়ত চিকিৎসকৰ অভাৱ, সেইবোৰত চিকিৎসক নিযুক্তিৰ ব্যৱস্থা তৎকালীনভাৱে কৰা উচিত বুলি ভাবিছোঁ৷
(৮) যাতায়াতৰ উন্নয়ন সভ্যতাৰ ক্রমবিকাশত সহায়ক হয়৷ স্বৰাজোত্তৰৰ ৭৩ বছৰতো আমাৰ ৰাজ্যখনৰ বাট–পথৰ যিমান উন্নতি হ’ব লাগিছিল, তেনে হোৱা নাই৷ বিধ্বস্ত বাট–পথ আৰু দলঙে ৰাইজক জীয়াতু ভোগায়৷ বছৰ বছৰ ধৰি ৰাজ্যখনৰ বহু বাট–পথ আৰু দলং উন্নত নোহোৱাকৈয়ে আছে৷ জনপ্রতিনিধিসকলে যেনেদৰে গুৰুত্ব দিব লাগিছিল, তেনেদৰে দিয়া নাই বোলা অভিযোগ পুৰণিদিনীয়া৷ নতুন চৰকাৰখনে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ চেহেৰাই সলনি কৰি দিব বুলি আশা কৰিলোঁ৷
(৯) ৰাজ্যৰ বিদ্যুৎ উৎপাদন চাহিদা অনুপাতে এতিয়াও হোৱা নাই৷ ফলত আৱশ্যকীয় বিদ্যুতৰ অভাৱত ক্ষুদ্র ক্ষুদ্র উদ্যোগবোৰৰ পৰা সাধাৰণ ৰাইজে দুর্ভোগ ভুগিব লগা হৈছে৷ বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ ওপৰত নতুন চৰকাৰখনে গুৰুত্ব দিয়া উচিত৷ ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা হ’ব বুলি ডাংকোপ মৰা মন্ত্রীৰ কথা অসমৰ ৰাইজে পাহৰা নাই৷ বিদ্যুতৰ উৎপাদন বৃদ্ধি কৰিলেহে ক্ষুদ্র ক্ষুদ্র উদ্যোগবোৰে প্রাণ পাই উঠিব৷ ডাঙৰ উদ্যোগ প্রতিষ্ঠাৰ ওপৰত নতুন চৰকাৰখনে গুৰুত্ব দিয়ক, যাতে বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা লাখ লাখ নিবনুৱাক নিজৰ ৰাজ্যতে কর্মসংস্থাপন দিব পৰা যায়৷ আমি বৰ সহজে আশা কৰিছোঁ৷ বাস্তৱত সেয়া বৰ কঠিন৷ সেই বুলি আমি হাত সাবটি বহি থাকিম নেকি? বিহাৰৰ দশৰথ নামৰ সাধাৰণ মানুহ এজনে কঠিন শিল কাটি ৰাইজৰ কাৰণে চমু পথ উলিওৱাৰ দৰে ব্যৱস্থা কৰক৷
(১০) সাতভনীৰ ডাঙৰজনী বুলি আমি যহাওঁ৷ কিন্তু ডাঙৰজনী বায়েকক অন্যায় কৰিবলৈ কেইজনীমান ভনী সততে উদ্যত হৈ থাকে৷ ডাঙৰ বায়েকৰ সীমা ঠেলি ঠেলি নিজৰ কৰি লোৱাৰ মানসিকতাৰ আজিও অন্ত নপৰিল৷ ফলত সীমা সমস্যাক লৈ মাজে মাজে দুর্বাদল কাজিয়া লাগি থাকে৷ গতিকে নতুন চৰকাৰখনে বাই–ভনীৰ মাজত সীমাক লৈ লাগি থকা কাজিয়াখন নিষ্পত্তি কৰিব লাগে৷ ডাঙৰ বায়েকৰ এক ইঞ্চিও মাটি আনক এৰি নিদিওঁ বুলি ক’লেই আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধান নহয়৷ সমাধানৰ পথ বিচাৰি উলিয়াওক৷ ইয়াৰ লগতে আন্তঃৰাষ্ট্রীয় সীমা চিৰদিনৰ কাৰণে বন্ধ কৰাৰ ব্যৱস্থা কৰক৷
(১১) আমাৰ মাজত সততে উচ্চাৰণ হৈ থকা কথাটো হ’ল– অসম চুক্তি ৰূপায়ণ৷ ১৯৮৫ চনৰ পৰা এই চুক্তিখন ৰূপায়ণ কৰিব লাগে বুলি অসমৰ ৰাইজে দাবী কৰি আহিব লগা হৈছে৷ চুক্তিখন ৰূপায়ণ নকৰি দীর্ঘদিন ধৰি অৱহেলা কৰি কিয় থোৱা হ’ল, সেয়া আমাৰ কাৰণে এক নুবুজা সাঁথৰ হৈ পৰিছে৷ চুক্তিখন ৰূপায়ণ কৰিবলৈ এটা পৃথক দপ্তৰ থকাৰ পিছতো অত বছৰে কিয় ৰূপায়ণ হোৱা নাই, সেয়া নিশ্চয় ভগৱানেহে জানিব৷
নতুন চৰকাৰখনৰ পৰা এইবোৰ আশা কৰাৰ উপৰি এখন দুর্নীতিমুক্ত অসমৰ কামনা কৰিছোঁ৷ কার্যালয় আদিত যাতে কোনেও কোনো কাৰণতে উৎকোচ দিব নালাগে, তেনে এটা পৰিৱেশ বিচাৰিছোঁ৷ ৰাজ্যত থকা লাখ লাখ দৰিদ্র লোকৰ আর্থিক উন্নয়নৰ কাৰণে নতুন চৰকাৰখনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব বুলি আশাবাদী৷ গ্রামোন্নয়নৰ কামবোৰ যাতে সঠিকভাৱে কৰা হয়, তাৰ ওপৰত চৰকাৰে চোকা দৃষ্টি দিব বুলি আশা কৰিলোঁ৷ ৰাজ্যখনত চলি থকা চোৰাং বেহা, ড্রাগ্ছৰ প্রচলন, চুলাইৰ প্রচলন, বনাঞ্চলক ধ্বংসৰ পৰা ৰক্ষা কৰা আদি দিশৰ ওপৰত নতুন চৰকাৰখনে গুৰুত্ব দিব বুলি আশা কৰিলোঁ৷ এইবোৰৰ উপৰি চৰকাৰী আঁচনিৰ নামত মাখিৰ মূৰৰ ঘিউ কাঢ়ি খোৱা এচামৰ দপ্দপনি বন্ধ কৰাৰো ব্যৱস্থা কৰিব লাগে৷ প্রকৃত হিতাধিকাৰীয়েহে যাতে চৰকাৰী সাহায্য পায়, তাৰ ওপৰতো গুৰুত্ব দিব লাগে৷
সর্বোপৰি বিভিন্ন জাতি–জনগোষ্ঠী আৰু ধর্মাৱলম্বী লোকৰ বাসস্থান আমাৰ ৰাজ্যখনৰ সাতামপুৰুষীয়া সম্প্রীতি যাতে কোনো কাৰণতে বিনষ্ট নহয়, তাৰ প্রতি নতুন চৰকাৰখন সচেষ্ট হৈ থাকিব বুলি আশা কৰিলোঁ৷ ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰক, তাৰে পোষকতা কৰিলোঁ৷

সুৰেণ বড়ি

বিপিন ফুকন নগৰ, গোলাঘাট–৭৮৫৬২১
ফোনঃ ৯৪৩৫১–৫২৩৭৯

You might also like