নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজান চিমেণ্ট কাৰখানাত ২০ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ

বোকাজান চিমেণ্ট কাৰখানাতArtisan Traineeৰ ২০ পদত অচিৰেই যোগ্য প্রার্থী নিয়োগ কৰা হ’ব৷ ইতিমধ্যে এই বিষয়ে চিমেণ্ট কর্প’ৰেচন অৱ ইণ্ডিয়াই(Cement Corporation of India Limited) এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Artisan Traineeৰ ২০ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ইলেকট্রিচিয়ান (৫), ৱেল্ডাৰ (৩), ফিটাৰ (৪), মাইনিং (২) আৰু প্রডাকচন (৬)৷ ইলেকট্রিচিয়ান পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ইলেকট্রিচিয়ান ট্রেড বিষয়ৰ আইটিআইৰ দুবছৰীয়া প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ ৱেল্ডাৰ পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ৱেল্ডাৰ ট্রেড বিষয়ৰ আইটিআইৰ দুবছৰীয়া প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ নাইবা ৱেল্ডাৰ ট্রেডৰ আইটিআইৰ এবছৰীয়া প্রমাণ–পত্রধাৰী আৰু শিক্ষা নবিচ হিচাপে এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷

ফিটাৰ পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ফিটাৰ ট্রেড বিষয়ত আইটিআইৰ দুবছৰীয়া প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ মাইনিং পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে আইটিআইৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ শেষত প্রডাকচন পদৰ প্রার্থী ৰসায়ন বিজ্ঞান বিষয়ত বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ বয়স ৩০ ছেপ্ঢেম্বৰ, ২০২০লৈ সর্বোচ্চ ২৭ বছৰ৷ আবেদন মাচুল হিচাপে অসংৰক্ষিত/অ’বিচি শ্রেণীৰ প্রার্থীয়ে ৭৫০ টকা আৰু এছচি/এছটি/দিব্যাংগ/মহিলা/ আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা চিমেণ্ট কর্প’ৰেচন অৱ ইণ্ডিয়াৰ হকে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে পদৰ বাবে থাকিবলগীয়া প্রার্থীৰ শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, নিযুক্তি প্রক্রিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈwww.cciltd.in ৱেবছাইট লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ৷

You might also like