নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলা সত্র ন্যায়াধীশৰ কার্যালয়ত ৩ পদ খালী

মৰিগাঁও জিলা আৰু সত্র ন্যায়াধীশৰ কার্যালয় (O/o the District & Sessions Judge, Morigaon)ত খালী হৈছে Jarikarak (Process Server)ৰ ৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মৰিগাঁও জিলা সত্র ন্যায়াধীশ কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, Jarikarak (Process Server) পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ মুঠ পদ ৩টাৰ ভিতৰত এছ চিৰ ১টা, এছ টি–পিৰ ১টা আৰু অসংৰক্ষিত ১টা৷ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,০০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ৩১ ডিচেম্বৰ, ২০২২লৈ ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ প্রার্থীৰ নাম নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়নভুক্ত হোৱাটো বাঞ্ছনীয়৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ বাবে বিভাগীয় ৱেবছাইট https://morigaonjudiciary.gov.in লগ–ইন কৰিব পাৰে৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনTo, The District & Sessions Judge, Morigaon, Assam, PIN.-782105 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ, ২০২২৷

You might also like