নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা ৰেংকিঙৰ শীর্ষ স্থানত নেইমাৰৰ ব্রাজিল দল

নিয়মীয়া বাৰ্তা, ২১ডিচেম্বৰ: বিশ্বকাপ জয় কৰিলেও ফিফাৰ ক্রম তালিকাত শীর্ষস্থান দখল কৰিব নোৱাৰিলে আর্জেণ্টিনাই৷ ৩ নম্বৰ স্থানৰ পৰা এঢ়াপ আগুৱাই দ্বিতীয় স্থান লাভ কৰে চেম্পিয়ন দলটোৱে৷ বিশ্বকাপৰ ৰানার্ছ ফ্রান্সেও এটা স্থান আগুৱাইছে ক্রম তালিকাত৷ অৱশ্যে আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰেহে এই ক্রম তালিকা প্রকাশ কৰা হ’ব৷ ফিফাৰ সূত্রই জনোৱা অনুসৰি বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলৰ পৰা বিদায় ল’লেও ফিফাৰ ক্রম তালিকাত শীর্ষস্থান অক্ষুণ্ণ ৰাখিছে ব্রাজিলে৷ ডিচেম্বৰত ফিফাই যিখন তালিকা প্রকাশ কৰিবলৈ ওলাইছে, তাত নেইমাৰহঁতৰ সংগ্রহ ১৮৪০.৭৭ পইণ্ট৷ বিশ্ব চেম্পিয়ন আর্জেণ্টিনা থাকিব দ্বিতীয় স্থানত৷ মেছিহঁতৰ সংগ্রহ ১৮৩৮.৩৯ পইণ্ট৷ বিশ্বকাপৰ ৰানার্ছআপ কিলিয়ান এমবাপেৰ দলটোৰ পইণ্টৰ সংখ্যা ১৮২৩.৩৯৷ এই পইণ্টেৰে দলটোৱে লাভ কৰিছে তৃতীয় স্থান৷ প্রথম ৫টা স্থানত থকা আন দুটা দল হৈছে বেলজিয়াম আৰু ইংলেণ্ড৷ কাটাৰ বিশ্বকাপৰ গ্রুপৰ পৰাই বিদায় ল’লেও বেলজিয়ামে দুটা স্থান অৱনমিত কৰি চাৰি নম্বৰত উপনীত হয়৷ আনহাতে কোৱার্টাৰ ফাইনেলত পৰাজিত হোৱা ইংলেণ্ডে ফিফা ৰেংকিঙত পঞ্চম স্থান অক্ষুণ্ণ ৰাখিছে৷ প্রথম ১০খন দেশৰ ভিতৰত থাকিব ক্রমে নেদাৰলেণ্ডছ, ক্র’ৱেচিয়া, ইটালী, পর্তুগাল আৰু স্পেইন৷ বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলত পৰাজিত হোৱা নেদাৰলেণ্ডছে দুটা স্থান আগুৱাইছে৷ আনহাতে তৃতীয় স্থান লাভ কৰা ক্র’ৱেচিয়াই উন্নীত কৰিছে ৫টা স্থান৷ বিশ্বকাপলৈ যোগ্যতা অর্জন কৰাত ব্যর্থ হোৱা ইটালী ৭ নম্বৰত থাকিব৷ পর্তুগালে পূর্বৰ নৱম স্থান অক্ষুণ্ণ ৰাখিব৷ ১০ নম্বৰলৈ অৱনমিত হ’ব বিশ্বকাপৰ প্রি–কোৱার্টাৰৰ পৰা বিদায় লোৱা স্পেইন৷ ফিফাৰ ক্রম তালিকাত সর্বাধিক উন্নতি ঘটিছে মৰক্কো আৰু অষ্ট্রেলিয়াৰ৷ এইবাৰ ফুটবলপ্রেমীৰ মন জয় কৰা মৰক্কোৱে ১১টা স্থান উন্নীত কৰি উপনীত হ’ব একাদশ স্থানত৷ আনহাতে, অষ্ট্রেলিয়াই ১১টা স্থান উন্নীত কৰি ক্রম তালিকাত ২৭ নম্বৰত স্থান পাব৷ উল্লেখ্য যে ফিফাৰ নতুন ক্রম তালিকাত ভাৰতে লাভ কৰিব ১০৬ নম্বৰ স্থান৷

You might also like