নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা বিদেশী ন্যায়াধিকৰণৰ কার্যালয়ত নিযুক্তিৰ সুযোগ

অসম চৰকাৰৰ বিদেশী ন্যায়াধিকৰণৰ ২নং বৰপেটা জিলা কার্যালয়ত খালী হৈছেLower Division Assistantৰ ১টা পদ৷ পদটো অসংৰক্ষিত৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিForeigners Tribunal (2nd), Barpeta cum Member Secretary, selection committeeৰMember–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Lower Division Assistant পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেComputer Application বিষয়ত এবছৰীয়া ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ ৫ টকীয়া ডাক টিকট লগোৱা স্বনাম, ঠিকনাযুক্ত এটা অতিৰিক্ত খাম আবেদনৰ লগতTo The, Member, Foreigners Tribunal (2nd), Barpeta (Assam) [In front of Election Officer, Barpeta] ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ ফেব্রুৱাৰী, ২০২১৷

You might also like