নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয়ত ৪৪ চাকৰি

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়(Assam Agricultural University)ত মুকলি হৈছে ৪৪ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Senior Scientist-cum-Head (5), Subject Matter Specialist (15), Programme Assistant-Lab. Technician (2), Programme Assistant-Computer (3), Farm Manager (3), Junior Stenographer cum Computer Operator (2), Driver-Erstwhile Driver-cum-Mechanic (2), Supporting Staff-Grade I (12)৷

Senior Scientist-cum-Head পদৰ প্রার্থীAgriculture/Animal Science/Fisheries/Community Science/Horticulture/Sericulture বিষয়তPh.D. ডিগ্রীধাৰী হোৱাৰ লগতেScientist/Lecturer/Extension Specialist হিচাপে ৮ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১,৩১,৪০০ টকা লাভ কৰিব৷ সম্প্রসাৰণ শিক্ষা কার্যসূচী ৰূপায়ণ কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ Subject Matter Specialistৰ ১ পদ পূৰণ হ’বলগীয়াDisciplineসমূহ হৈছে Agronomy (2), Soil Science (2), Plant Protection (2), Agril. Extension (1), Animal Science (4), Community Science (1), Fishery Science (3)৷ Subject Matter Specialist পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰা Agriculture/Animal Science/Community Science/Fisheries Science বিষয়ত স্নাতক হোৱা হ’ব লাগিব৷ মাহে ৫৬,১০০ টকা লাভ কৰিব৷Programme Assistant-Lab. Technician পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰাAgriculture/Animal Science/Fishery Science/Community Science/Horticulture/Sericulture বিষয়ত স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ মাহে ৩৫,৪০০ টকা লাভ কৰিব৷Programme Assistant-Computer পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰাComputer Science/Computer Application/Information Technology বিষয়ত স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ মাহে ৩৫,৪০০ টকা লাভ কৰিব৷Farm Manager পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰাAgriculture/Animal Science/Fishery Science/Horticulture/Sericulture বিষয়ত স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ মাহে ৩৫,৪০০ টকা লাভ কৰিব৷Junior Stenographer cum Computer Operator পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেComputer Application বিষয়ত ছমহীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ প্রার্থীEnglish ভাষাত ১০ মিনিটৰDictation Testত অৱতীর্ণ হোৱাৰ লগতে প্রতি মিনিটতEnglishত ৮০টা শব্দ লিখিব পৰা হ’ব লাগিব আৰু ৫০ মিনিটৰ ভিতৰত উল্লিখিত শ্রুতলিপিখিনিComputerতTranscribe কৰিব পৰা হ’ব লাগিব৷ মাহে ২৫,৫০০ টকা লাভ কৰিব৷ পদৰ প্রার্থী স্বীকৃতিপ্রাপ্ত ৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চলোৱা বৈধ অনুজ্ঞা–পত্র থকা হ’ব লাগিব৷ গাড়ীচালনাৰ দুবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ সংশ্লিষ্ট ট্রেডতITIৰ পৰা এবছৰীয়া ট্রেডৰ প্রমাণ–পত্রধাৰী হোৱাৰ লগতেMotor Mechanic Workৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ২১,৭০০ টকা লাভ কৰিব৷Supporting Staff-Grade I পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ মাহে ১৮,০০০ টকা লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২৩লৈ সর্বোচ্চ উল্লিখিত পদ অনুযায়ী ৩৮, ৪০ আৰু ৪৭ বছৰ৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈAssam Agricultural Universityৰ ৱেবছাইটhttps://online.aau.ac.in/kvk-recruitment লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১১ ফেব্রুৱাৰী, ২০২৩৷

You might also like