নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী:  ‘কন্যা শিশুক নিৰ্যাতন কৰাটো কেবল অপৰাধেই নহয় ,ই এক মানসিকতাৰ স্খলিত ৰূপ য’ত মানৱতাৰ সংকুচিত পৰ্যায় বুলি ধৰিব পাৰি । ভাৰতীয় আইনী প্ৰক্ৰিয়াত ইয়াক ৰোধ কৰাৰ অলেখ ব্যৱস্থা আছে’- চিনামৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত কৰা এক সভাত বক্তৃতা প্ৰদান কৰি এই মন্তব্য আগবঢ়াই যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা অনিন্দিতা বৰাই । চিনামৰা মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনৰ পৌৰোহিত্য কৰে অধ্যাপিকা শেৱালী শইকীয়া বৰদলৈয়ে । মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মূৰব্বী অধ্যাপিকা ৰূমী শইকীয়াই উদ্বোধন কৰা সভাখনত কন্যা তথা মহিলাৰ ৰক্তহীনতা আৰু হিম’গ্ল’বিনৰ অভাবৰ কাৰক শীৰ্ষক বক্তব্য প্ৰদান কৰি মৰিয়নিৰ নাগাজাংকা জেঙনী স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা: উপাংগনা ভাগৱতীয়ে সেই সম্পৰ্কে আলোচনা আগবঢ়ায় । চিকিৎসা বিষয়া গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্য ৰক্ষাৰ বিভিন্ন দিশ সমূহৰ বিষয়েও অন্তৰংগ ভাৱে আলোকপাত কৰে । চিনামৰা মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ কাৰ্যক্ৰম বিষয়া অধ্যাপক পদ্মেশ্বৰ কাটনীৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সমগ্ৰ কাৰ্যসূচীত দুই শতাধিক ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক- অধ্যাপিকাই অংশগ্ৰহণ কৰে । ইয়াৰ পূৰ্বে অধ্যাপিকা প্ৰাৰ্থনা শইকীয়াই আঁ‌ত ধৰা মূল সভাখনৰ আমন্ত্ৰিত অতিথি বৃন্দক ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ স্বেচ্ছাসেৱী সকলে আদৰণি জনায় ।

দিব্যজ্যোতি শইকীয়া

You might also like