নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাক বিভাগত ডাকোৱালৰ ৯৪৮ চাকৰি; আবেদনৰ অন্তিম তাৰিখ ১১ ডিচেম্বৰ

ভাৰতীয় ডাক বিভাগত(India Post) মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Branch Post Master-BPM, Assistant Branch Post Master-ABPM আৰুDak Sevakৰ ৯৪৮ পথত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ মুঠ খালী পদ ৯৪৮টাৰ ভিতৰত অ’বিচিৰ ৩৫টা, এছ চিৰ ১০০টা, এছ টিৰ ৩৫৯টা, অসংৰক্ষিত ৩৬০টা, দিব্যাংগ ১২টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৯২টা পদ সংৰক্ষিত থাকিব৷

আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে গণিত আৰু ইংৰাজী ভাষাত দক্ষতা থকাৰ সমান্তৰালকৈ স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব৷ আবেদনকাৰীৰ বয়স ১২ নৱেম্বৰ, ২০২০লৈ ১৮–৪০ বছৰ৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৩–১৫ বছৰ ৰেহাই লাভ কৰিব৷Branch Post Master-BPM পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১২,০০০–১৪,৫০০ টকা৷

আনহাতে Assistant Branch Post Master-ABPM আৰুDak Sevak পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১০,০০০–১২,০০০ টকা৷Gram Dak Sevak পদৰ প্রার্থী কম্পিউটাৰৰ ছমহীয়া পাঠ্যক্রমৰ প্রমাণ–পত্র থকা হ’ব লাগিব৷

ইয়াৰ উপৰি প্রার্থীয়ে চাইকেল চলাবলৈ জানিব লাগিব৷ আবেদন মাচুল হিচাপে অসংৰক্ষিত, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ বাবে ১০০ টকা অনলাইন মাধ্যমেৰেhttps://appost.in/gdsonlineত ভাৰতীয় ডাকৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://indiapost.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১১ ডিচেম্বৰ, ২০২০৷

You might also like