নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিহঁতৰ হাতৰ পৰা অসমখন বচাব লাগিব- প্রদ্যুৎ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বনগাঁৱত বনগাঁও শান্তি নিজৰা ক্লাবত আজি কংগ্রেছে আয়োজন কৰে বুথ সংকল্প শিবিৰ৷ সহস্রাধিক বুথ পর্যায়ৰ কর্মীৰ উপস্থিতিত অনুষ্ঠিত শিবিৰৰ আৰম্ভণিতে প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু শ্বহীদ দীপাঞ্জল দাসৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জনোৱা হয়৷ সভাত প্রাক্তন মন্ত্রী প্রদ্যুৎ বৰদলৈয়ে কংগ্রেছক বটবৃক্ষ বুলি কৈ কেতিয়াবা ধুমুহা আহিলে এই বটবৃক্ষৰ পৰা কিছু আঁতৰি যায় আৰু কিছুৱে খামুচি ধৰি ৰাখে৷ যিসকলে ধুমুহাতো ধৰি থাকে, সেইসকল প্রকৃত কংগ্রেছী৷ বিজেপিয়ে অসমীয়াৰ টেঁটু চেপিবলৈ ধৰিছে৷ আমি ইয়াৰ পৰা ৰক্ষা পাব লাগিব৷ সিহঁতৰ হাতৰ পৰা অসমক বচাব লাগিব বুলি দীঘলীয়া ভাষণত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে৷ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ তত্ত্বাৱধানত অনুষ্ঠিত বুথ সন্মিলনত এ আই চি চিৰ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক পৃথিৰাজ সাথে, সর্বভাৰতীয় যুৱ কংগ্রেছৰ সভাপতি শ্রীনিৱাস, কংগ্রেছৰ ৰাষ্ট্রীয় পর্যায়ৰ নেতা ৰাজেন্দ্র শুক্লা, প্রাক্তন সাংসদ ৰাণী নৰহ, বকো সমষ্টিৰ বিধায়িকা তথা অসম প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী নন্দিতা দাস, নুৰুল হুদা, জাকিৰ হুছেইন শিকদাৰ, ববিতা শর্মা, মেঘালয় কংগ্রেছৰ কার্যকৰী সভাপতি জেমছ লিণ্ডোকে ধৰি কেইবাজনেও ভাষণত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে৷ সভাত কণ্ঠশিল্পী অজয় ফুকন, বাবু বৰুৱাই গীত গাই ৰাইজক আমোদ দিয়ে৷

You might also like