নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিএছএফত ৯০ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৮ জুন

ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ৰ অধীনত পৰিচালিত সীমান্ত সুৰক্ষা বাহিনী(Border Security Force) অর্থাৎ বিএছএফ(BSF)ত খালী হৈছেGroup ‘B’ Combatised (Non Gazetted-Non Ministerial)ৰ ৯০ পদ৷ অর্হতাসম্পন্নMale আৰুFemale প্রার্থীৰ পৰা আবেদন আহ্বান কৰিBorder Security ForceৰCommandant (Rectt.)–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Inspector-Architect (1), Sub Inspector-Works (57), Junior Engineer/Sub Inspector-Electrical (32)৷ মুঠ পদ ৯০টাৰ ভিতৰত অসংৰক্ষিত ৪১, অ’বিচিৰ ২০, এছচিৰ ১৩, এছটিৰ ৭ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৯ পদ সংৰক্ষিত থাকিব৷Inspector-Architect পদৰ প্রার্থীUniversity/Institutionৰ পৰাArchitectureৰ ডিগ্রীধাৰী হোৱাৰ লগতেCouncil of Architecture (Architects Act, 1972)ত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ Sub Inspector-Works পদৰ প্রার্থীCentral/State GovernmentInstituteৰ পৰাCivil Engineeringৰ ৩ বছৰীয়া ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷Junior Engineer/Sub Inspector-Electrical পদৰ প্রার্থীCentral/State GovernmentInstituteৰ পৰাElectrical Engineeringৰ ৩ বছৰীয়া ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ প্রার্থীৰ বয়স ৮ জুন, ২০২২ লৈ সর্বোচ্চ ৩০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে ২০০ টকা অনলাইন মাধ্যমেৰে সীমান্ত সুৰক্ষা বাহিনীৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছচি, এছটি, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈBorder Security Forceৰ ৱেবছাইট https://rectt.bsf.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৮ জুন, ২০২২৷

You might also like