নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বায়ুসেনাৰ ১০৮ পদৰ বিজ্ঞাপন, ৫ জানুৱাৰীৰ ভিতৰত কৰক আবেদন

ভাৰত চৰকাৰৰ কেন্দ্রীয় মন্ত্রালয়ৰ অধীনত পৰিচালিত ভাৰতীয় বায়ুসেনা(Indian Air Force)ত খালী হৈছে Apprentice (Technical Trade)ৰ ১০৮ পদ৷ অর্হতাসম্পন্ন পুৰুষ আৰু মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ পত্রত বায়ুসেনা কর্তৃপক্ষই প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Apprentice (Technical Trade)ৰ ১০৮ পদ পূৰণ হ’বলগীয়াTradeসমূহ হৈছেMachinist (3), Sheet Metal (15), Welder-Gas & Elect. (4), Mechanic Radio Radar Aircraft/Electronic Mechanic (13), Carpenter (2), Electrician Aircraft (33), Fitter/Mechanic Machine Tool Maintenance (38)৷ পদসমূহAir Force Station, Ojharত পূৰণ কৰা হ’ব৷ আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষা ব’ড/বিশ্ববিদ্যালয়ৰ পৰা গড়ে ৫০ শতাংশ নম্বৰেৰে দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ অৱশ্যে দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা প্রার্থীয়েও আবেদন কৰিব পাৰিব৷ গড়ে ৬৫ শতাংশ নম্বৰেৰেITI (NCVT)ৰ প্রমাণ–পত্রধাৰী হোৱাটো বাঞ্ছনীয়৷ বয়স ১ আগষ্ট, ২০২৩লৈ সাধাৰণ শ্রেণীৰ ১৪–২১ বছৰ, অ’বিচি শ্রেণীৰ ১৪–২৪ বছৰ, এছ চি/এছ টি শ্রেণীৰ ১৪–২৬ বছৰ৷ আবেদনকাৰীৰ উচ্চতা ১৩৭ ছেণ্টিমিটাৰ আৰু ওজন ২৫.৪ কেজি হ’ব লাগিব৷ প্রশিক্ষণৰ সময়ছোৱাত মাহে ৮,৮৫৫ টকা লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইট www. apprenticeshipindia.org লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদনৰ অন্তিম তাৰিখ ৫ জানুৱাৰী, ২০২৩৷

You might also like