নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দালাই লামাৰ তথ্য সংগ্রহ কৰিবলৈ গয়াত চীনা গুপ্তচৰ

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: বুদ্ধ গয়া ভ্রমণলৈ আহিছে ধর্মীয় নেতা দালাই লামা৷ আজিৰে পৰা শনিবাৰ পর্যন্ত প্রতিদিনে বুদ্ধ গয়াত ভক্তসকলক সম্বোধি ভাষণ দিব দালাই লামাই৷ ইয়াৰ মাজতে গয়াত এক চীনা গুপ্তচৰ মহিলাই আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছে চোৰাংচোৱাই৷ চীনৰ পৰা অহা এই মহিলাই দালাই লামা সংক্রান্তীয় বিভিন্ন তথ্য সংগ্রহ কৰিব পাৰে বুলি আশংকা কৰিছে নতুন দিল্লী প্রশাসনে৷ গতিকে এই মহিলা গুপ্তচৰৰ সন্ধানত গয়াত অভিযান চলায় চোৰাংচোৱা সংস্থাই৷ এই ক্ষেত্রত বিহাৰ আৰক্ষীৰ সহযোগত চোৰাংচোৱা সংস্থাই আটক কৰিছে সন্দেহজনক চীনা মহিলাগৰাকীক৷

You might also like