নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ৰে’লৱে কেটাৰিং পর্যটন নিগমত ৭০ পদ খালী

ভাৰতীয় ৰে’লৱে কেটাৰিং আৰু পর্যটন নিগম(IRCTC)ৰEast Zoneত খালী হৈছে ৭০ পদ৷ যোগ্য প্রার্থীক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনাই ভাৰতীয় ৰে’লৱে কেটাৰিং আৰু পর্যটন নিগম কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Hospitality Monitor পদৰ প্রার্থীNational Council of Hotel Management and Catering Technology/UGC/AICTE/Govt. of Indiaৰ অধীনত পৰিচালিতCentral/State Institute of Hotel Management (CIHM/SIHM/PIHM)ৰ পৰাHospitality & Hotel Administration বিষয়তB.Sc. ডিগ্রীধাৰী আৰুMinistry of Tourismৰ অধীনত পৰিচালিতIndian Culinary Instituteৰ পৰাBBA/MBA (Culinary Arts)ৰ ডিগ্রীধাৰী হোৱাৰ লগতেUGC/AICTE/Govt. of Indiaৰ অধীনত পৰিচালিতUniversitiyৰ পৰ Hotel Management and Catering Science বিষয়তB.Sc. ডিগ্রীধাৰী আৰুUGC/AICTE/Govt. of Indiaৰ অধীনত পৰিচালিতUniversitiyৰ পৰ M.B.A. (Tourism and Hotel Management) ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ সংশ্লিষ্ট খণ্ডত দুবছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে ৩০,০০০ টকা লাভ কৰিব৷ বয়স ১ এপ্রিল, ২০২৩লৈ ২৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ উক্ত পদসমূহ পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ডকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যত পূৰণ কৰা হ’ব৷ সাক্ষাৎকা IHM/Guwahati (Upper Hengrabari, Chachal, Barbari, Opposite Doordarshan Quarters, Guwahati-781036)ত ১১ আৰু ১২ মে’ত অনুষ্ঠিত হ’ব৷ বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈIRCTC/East Zoneৰ ৱেবছাইটhttps://www.irctc.co.in লগ–ইন কৰিব পাৰিব৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িতসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন আনিব লাগিব৷

You might also like