নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তীশগড়ত নক্সাল আক্ৰমণত ১১ জন জোৱান নিহত, মুখ্যমন্ত্ৰী বাঘেলৰ হুংকাৰ- “কাকো ৰেহাই দিয়া নহ’ব”

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: বুধবাৰে ছত্তীশগড়ৰ দন্তেৱাড়া জিলাৰ অৰণপুৰৰ সমীপত ডি আৰ জি (জিলা ৰিজাৰ্ভ গাৰ্ড)ৰ জোৱান কঢ়িয়াই অনা এখন বাহনত আই ই ডি (IED)ৰে আক্ৰমণ চলায় নক্সালবাদীয়ে। এই আক্ৰমণত শ্বহীদ হৈছে ১১ জনকৈ জোৱান।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই ঘটনা অতি দুখজনক বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। এই আক্ৰমণত জড়িত নক্সালবাদীক ৰেহাই দিয়া নহ’ব বুলিও তেওঁ হুংকৰা দিয়ে৷

বিষয়াসকলে জনোৱা মতে, আজি দন্তেৱাড়াৰ অৰণপুৰ থানাৰ অন্তৰ্গত মাওবাদী কেডাৰৰ উপস্থিতিৰ চোৰাংচোৱাৰ ভিত্তিত দন্তেৱাদাৰ পৰা ডি আৰ জি বাহিনীক নক্সাল বিৰোধী অভিযানৰ বাবে প্ৰেৰণ কৰা হয়। উভতি অহাৰ সময়ত মাওবাদীয়ে অৰণপুৰ পথত আই ই ডি বিস্ফোৰণ সংঘটিত কৰে, যাৰ বাবে ১০ জন ডি আৰ জি জোৱান আৰু অভিযানত জড়িত এজন চালক শ্বহীদ হয়।

ইফালে এই ভয়ংকৰ ঘটনাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতি সকলো সহায়ৰ আশ্বাস দিয়ে।

You might also like