নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত এসপ্তাহ ধৰি বিকল BSNL ৰ নেটৱৰ্ক; অতিষ্ঠ গ্ৰাহক

নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : মৃত্যুৰ ক্ষণ গণিছে নেকি ভাৰতৰ একমাত্ৰ চৰকাৰী গণসংযোগ স্থাপনৰ প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএচএনএলয়ে। যি সময়ত ব্যক্তিগত খণ্ডৰ মোবাইল নেটৱৰ্ক কোম্পানী সমূহ বিভিন্ন অভিলাশী আঁচনিৰে প্ৰতিযোগিতাত নামি পৰিছে এনে সময়ত চৰকাৰৰ পৃষ্ঠপোষকতাত পৰিচালিত একমাত্ৰ মোবাইল নেটৱৰ্ক প্ৰতিষ্ঠান বিএচএনএলয়ে গ্ৰাহকক পৰ্যাপ্ত সুবিধা দিয়াত ব্যৰ্থ হৈছে। ইয়াৰ জলন্ত উদাহৰণ হৈ পৰিছে চিৰাং জিলাৰ বিজনী। বিজনীত আজি এসপ্তাহ ধৰি বিকল হৈ আছে বিএচএনএল নেটৱৰ্ক।যাৰ বাবে অতিষ্ঠ হৈ পৰিছে বিজনীৰ বিএচএনএলৰ গ্ৰাহক সকল।বিজনী চহৰস্থিত বিএচএনএলৰ কাৰ্যালয়ত থকা বৈদ্যুতিক ট্ৰেন্সমিটাৰ বিকল হৈ পৰাত বিগত ২৫ অক্টোবৰৰ পৰা বন্ধ হৈ আছে বিজনীৰ বিএচএনএল নেটৱৰ্ক।ফলত অতিষ্ঠ গ্ৰাহকে নিজেও বিএচএনএল ছিম বৰ্জন কৰাৰ লগতে আনকো বৰ্জিত কৰিবলৈ আহ্বান বিএচএনএল ব্যৱহাৰ কাৰীৰ। এইক্ষেত্ৰত বিজনীৰ বিএচএনএল কাৰ্যালয়ৰ কৰ্তৃপক্ষই উৰ্দ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ফলপ্ৰসূ ব্যৱস্থা নোলোৱা বুলি অসহায় স্বীকাৰুক্তি প্ৰদান কৰে বিএচএনএল কৰ্তৃপক্ষই।আনকি চৰকাৰৰ ফালৰ পৰা জেনেৰেটৰৰ বাবে পৰ্যাপ্ত ডিজেল যোগান নধৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিএচএনএল কৰ্তৃপক্ষই। 
বৰ্ণালী  তালুকদাৰ 
You might also like