নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেচনেল বুক ট্রাষ্টত ২ পদ মুকলি: ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ

ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ অধীনত পৰিচালিত নতুন দিল্লীস্থিত নেচনেল বুক ট্রাষ্ট, ইণ্ডিয়া(National Book Trust, India)ত খালী হৈছে ২ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এনবিটি, ইণ্ডিয়া(NBT, India)ই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Young Professionalৰ ১ পদত আৰুConsultant Grade-Iৰ ১ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷Young Professional পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Instituteৰ পৰা যিকোনো শাখাৰ স্নাতকোত্তৰ নাইবাCA উত্তীর্ণ হোৱা অথবাICWAৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ ভাৰত চৰকাৰ নাইবা অগ্রণী অনুষ্ঠান–প্রতিষ্ঠান/সংগঠনৰ পলিচীৰ কাম আৰু নিৰীক্ষণৰ অভিজ্ঞতা থকাৰ লগতে আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠানৰ সৈতে লগ লাগি আন্তঃৰাষ্ট্রীয় অনুষ্ঠান আৰু সভা–সমিতিৰ পৰিচালনা কৰা অভিজ্ঞতা থকা হ’ব লাগিব৷ সংশ্লিষ্ট খণ্ডত ১ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স সর্বোচ্চ ৩২ বছৰ৷ মাহে ৭০,০০০ টকা লাভ কৰিব৷Consultant Grade-I পদৰ প্রার্থী স্বীকৃতিপ্রাপ্ত University/Instituteৰ পৰা যিকোনো শাখাৰ স্নাতকোত্তৰ নাইবাCA উত্তীর্ণ হোৱা অথবাICWAৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷

ভাৰত চৰকাৰ নাইবা অগ্রণী অনুষ্ঠান–প্রতিষ্ঠান/সংগঠনৰ পলিচীৰ কাম আৰু নিৰীক্ষণৰ অভিজ্ঞতা থকাৰ লগতে আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠানৰ সৈতে লগ লাগি আন্তঃৰাষ্ট্রীয় অনুষ্ঠান আৰু সভা–সমিতিৰ পৰিচালনা কৰা অভিজ্ঞতা থকা হ’ব লাগিব৷ সংশ্লিষ্ট খণ্ডত ৩–৮ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স সর্বোচ্চ ৪৫ বছৰ৷ মাহে ৮০,০০০–১,০০,০০০ টকা লাভ কৰিব৷ সাক্ষাৎকাৰ ৭, ১০, ১১, ১২, ১৩, ১৪ অক্টোবৰ, ২০২২ তাৰিখে পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ অনুষ্ঠিত হ’ব৷

সাক্ষাৎকাৰৰ স্থান O/o the National Book Trust, Nehru Bhawan, 5 Institutional Area,, Phase-II Vasant Kunj, New Delhi -110070৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিসহ এনবিটিৰ ৱেবছাইট https://www.nbtindia.gov.inৰ পৰা ডাউনলোড কৰি লোৱা নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন–পত্র আনিব লাগিব৷

You might also like