নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম দক্ষতা বিশ্ববিদ্যালয় প্রকল্পত ১১পদ খালী

অসম দক্ষতা বিশ্ববিদ্যালয় প্রকল্প (Assam Skill University Project)ত ১১ পদ পূৰণ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ASUP-PMUৰCEOএ আৰুASDMৰMDএ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে Senior Procurement and contract Management Specialist (1), Project Technical Head (1), Site Engineer (1), Procurement Management Executive (1), Accounts Executive (1), IT cum Management Information System (MIS) Executive (1), Administrative cum HR Management executive (1), Junior Assistant (2), Peon (2)৷

Senior Procurement and contract Management Specialist পদৰ প্রার্থী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতকোত্তৰ আৰুState Government/Central Government/Semi Government Body/PSU/Large Private OrganizationৰProcurement and Contract Management খণ্ডত ১৫ বছৰীয়া পেছাদাৰী কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১,৫০,০০০–২,০০,০০০ টকা লাভ কৰিব৷Project Technical Head পদৰ প্রার্থীCivil Engineeringৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রত অৱসৰপ্রাপ্ত অধীক্ষক অভিযন্তা নাইবা গড়কাপ্ঢানী গৃহ বিভাগত উচ্চ পদবীত ২০ বছৰ কার্যনির্বাহ কৰা নাইবাAsian Development Bank/World Bank/JICAৰ প্রকল্পত গৃহ আৰু অসামৰিক নির্মাণ খণ্ডত ৩ বছৰ কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১,৫০,০০০–২,০০,০০০ টকা লাভ কৰিব৷Site Engineer পদৰ প্রার্থীCivil Engineering বিষয়ত স্নাতক ডিগ্রীধাৰী আৰুCivil Engineering ProjectতSite Engineer হিচাপে ৫ বছৰ কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ৩৫,০০০–৫০,০০০ টকা লাভ কৰিব৷Procurement Management Executive পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেProcurement Executive হিচাপে ৫ বছৰীয়া কর্ম অভিজ্ঞতাৰ ৩ বছৰAsian Development Bank/World Bank/JICAৰ প্রকল্পতProcurement Executive হিচাপে ৩ বছৰ কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ৩৫,০০০–৫০,০০০ টকা লাভ কৰিব৷Accounts Executive পদৰ প্রার্থীCommerce/Accountancy/Finance/Accountsৰ ডিগ্রীধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ৩৫,০০০–৫০,০০০টকা লাভ কৰিব৷IT cum Management Information System (MIS) Executive পদৰ প্রার্থীBCA/B.Sc-ITৰ ডিগ্রীধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ২৫,০০০–৩৫,০০০ টকা লাভ কৰিব Administrative cum HR Management executive পদৰ প্রার্থীHR বিষয়তMBA ডিগ্রীধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ২৫,০০০–৩৫,০০০ টকা লাভ কৰিব৷ Junior Assistant পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেManagement/Secretarialৰ ৫ বছৰীয়া অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ২৫,০০০–৩৫,০০০ টকা লাভ কৰিব৷ Peon পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ মাহে ১৪,০০০–১৮,০০০ টকা লাভ কৰিব৷

আগ্রহীসকলে যাৱতীয় নথিপত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ডাকযোগে নাইবা ই–মেইলযোগেTo The Deputy Project Director, Assam Skill University Project, 3rd Floor- DECT Building, Employment Exchange Complex, A K Azad Road, Rehabari, Guwahat-8, E-mail : [email protected] ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৬ অক্টোবৰ, ২০২২৷ বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ বাবে ৱেবছাইট লগ ইন কৰিব পাৰে৷

You might also like