নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেৰিটৰিয়েল আর্মীত ১৩ পদ মুকলি

কেন্দ্রীয় চৰকাৰৰ অধীনত পৰিচালিত টেৰিটৰিয়েল আর্মী(Territorial Army)ত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন অবিবাহিতMale/Female প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, পুৰুষ প্রার্থীৰ শিতানতTerritorial Army Officerৰ ১২ পদ আৰু মহিলা প্রার্থীৰ শিতানত ১ পদ পূৰণ কৰা হ’ব৷ আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ বয়স ৩০ জুলাই, ২০২২লৈ ১৮–৪২ বছৰ৷ প্রশিক্ষণ সমাপ্ত হোৱাৰ পিছত নিযুক্তিপ্রাপ্তইLieutenant, Caption, Major, Lt. Colonel, Colonel (TS), Colonel, Brigadier পদলৈ পদোন্নতি লাভ কৰিব৷ দৰমহাৰ নিৰিখ ক্রমে ৫৬,১০০–১,৭৭,৫০০ টকা, ৬১,৩০০–১,৯৩,৯০০ টকা, ৬৯,৪০০–২,০৭,২০০ টকা, ১,২১,২০০–২,১২,৪০০ টকা, ১,৩০,৬০০–২,১৫,৯০০ টকা, ১,৩৯,৬০০–২,১৭,৬০০ টকা৷

আগ্রহীসকলে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ Territorial Armyৰ ৱেবছাইট www.jointerritorialarmy.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ জুলাই, ২০২২৷

You might also like