নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ মহিলা কলেজত সহকাৰী অধ্যাপকৰ পদ খালী

শিলচৰ মহিলা কলেজত ৬টা সহকাৰী অধ্যাপকৰ পদৰ বাবে অর্হতাসম্পন্ন আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ আগ্রহী প্রার্থীসকলে অনলাইন যোগে এই বিষয়ে সবিস্তাৰে তথ্য লাভ কৰিব৷ যোৱা ২০ জুনত বিজ্ঞাপন প্রকাশ হোৱা এই পদসমূহত আবেদনৰ অন্তিম তাৰিখ ৫ জুলাই৷ বেংগলী, শিক্ষা, ইংৰাজী, ৰাজনীতি বিজ্ঞান আৰু সংস্কৃত বিষয়ৰ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ দৰমহাৰ নিৰিখ ৫৭,৭০০ টকাৰ পৰা ১,৮২,৪০০ টকাৰ লগতে অন্যান্য সা–সুবিধাসমূহ লাভ কৰিব৷ চৰকাৰৰ নিয়ম অনুসৰি প্রার্থীসকলে স্নাতকোত্তৰ ডিগ্রীধাৰী হোৱাৰ উপৰি নেট/শ্লেট/ছেট উত্তীর্ণ হোৱাটো বাধ্যতামূলক৷ আবেদনকাৰী প্রার্থীসকল পিএইচডি ডিগ্রীধাৰী হ’ব লাগিব৷ স্নাতকোত্তৰ পৰীক্ষাত প্রার্থীসকলে নূ্যনতম ৫৫ শতাংশ নম্বৰসহ উত্তীর্ণ হোৱা হ’ব লাগিব৷ এছটি/এছচি/পিডব্লিউডি প্রার্থীৰ ক্ষেত্রত ৫ শতাংশ নম্বৰ ৰেহাই দিয়া হ’ব৷ প্রার্থীসকলৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত ৩৮ বছৰৰ অধিক হ’ব নালাগিব৷ এছটি আৰু এছচি প্রার্থীৰ ক্ষেত্রত বয়সৰ উচ্চ সীমা ৫ বছৰ, অ’বিচি/এম’বিচিৰ ক্ষেত্রত ৩ বছৰ আৰু পিডব্লিউডি প্রার্থীৰ বয়স ১০ বছৰ ৰেহাই দিয়া হ’ব৷ প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰে অথবা অধ্যক্ষ ৱমেন কলেজ, শিলচৰ, শ্যামাপ্রসাদ ৰোড, শ্বিলংপট্টি, শিলচৰ, কাছাৰ–৭৮৮০০১ অসম এই ঠিকনাত বিজ্ঞাপন প্রকাশ পোৱাৰ ১৫ দিনৰ ভিতৰত আবেদন প্রেৰণ কৰিব লাগিব৷ প্রার্থীসকলে আবেদনৰ লগত নথি–পত্র আৰু ডিমাণ্ড ড্রাফ্টযোগে ১,৫০০ টকা ভাৰপ্রাপ্ত অধ্যক্ষ ৱমেন কলেজ, শিলচৰৰ ষ্টেট বেংক শাখাত পঠিয়াব লাগিব৷

You might also like