নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমডিএ গুৱাহাটীত ২০টা পদ খালী

🟢আবেদনৰ অন্তিম তাৰিখ ২৮ নৱেম্বৰ

গুৱাহাটী মেট্র’পলিটান ডেভেল’পমেণ্ট অথৰিটী (জিএমডিএ)–এ ২০টা স্পেচিয়েলিষ্ট, মিড লেভেল, প্লেনাৰ আৰু জুনিয়ৰ লেভেল প্লেনাৰ পদৰ বাবে আবেদন বিচাৰিছে৷ স্পেচিয়েলিষ্টৰ খালী পদৰ সংখ্যা ৫টা৷ নিযুক্তিপ্রাপ্ত প্রার্থীক কাম কৰাৰ অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰি মাহিলি ১,০০,০০০ টকা দৰমহা দিয়া হ’ব৷ প্রার্থীসকলৰ হাইড্র’জি’লজীত স্নাতকোত্তৰ ডিগ্রী থাকিব লাগিব অথবা টেন্সপ’ট মবিলিটী প্লেনাৰৰ লগতে এম প্লেন/এম টেক ডিগ্রী থাকিব লাগিব৷ প্রার্থীসকলৰ ৮ বছৰ কাম কৰাৰ অভিজ্ঞতা থকা বাঞ্ছনীয়৷ প্রার্থীৰ বয়স ৫৫ বছৰৰ অধিক হ’ব নালাগিব৷ মিড লেভেল প্লেনাৰৰ খালী পদ ৫টা৷ প্রার্থীক মাহিলি কামৰ অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰি ৭৫,০০০ টকা দৰমহা দিয়া হ’ব৷ প্রার্থীসকল প্লেনিঙত এম টেক ডিগ্রীধাৰী হোৱাৰ লগতে মূল বিজ্ঞাপনত উল্লেখ থকা অর্হতাসমূহ থাকিব লাগিব৷ প্রার্থীসকলৰ অতিকমেও ৬ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ প্রার্থীৰ বয়স ৫৫ বছৰৰ অধিক হ’ব নোৱাৰিব৷ জুনিয়ৰ লেভেল প্লেনাৰৰ খালী পদ ১০টা৷ প্রার্থীক মাহিলি ৪৫,০০০ টকা দৰমহা দিয়া হ’ব৷ প্রার্থীসকলৰ অর্হতা মূল বিজ্ঞাপনত উল্লেখ কৰা হৈছে৷ তেওঁলোকৰ অতিকমেও ৬ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ প্রার্থীৰ বয়স ৪৫ বছৰৰ অধিক হ’ব নালাগিব৷ আগ্রহী প্রার্থীসকলে ২৮ নৱেম্বৰৰ ভিতৰত আবেদনসমূহ জমা দিব লাগিব৷

You might also like