নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটত উত্তৰ–পূব ৰে’লৱেলৈ ৮,০৬০ কোটি

নিয়মীয়া বাৰ্তা , ৭ ফেব্ৰুৱাৰীঃ উত্তৰ–পূবৰ প্রত্যেকখন ৰাজ্যৰ ৰাজধানীক ৰে’ল মানচিত্রত অন্তর্ভুক্ত কৰিবলৈ বিশেষ আঁচনি গ্রহণ কৰিছে কেন্দ্রীয় ৰে’ল মন্ত্রালয়ে৷ সেই অনুসৰি শীঘ্রে পাহাৰীয়া ৰাজ্যৰ ৰাজধানীসমূহ ব্রডগজ ৰে’লসেৱাৰে সংযোজিত হ’ব৷ ২০২২ চনৰ ভিতৰত মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰে’লপথৰ নির্মাণ সম্পূর্ণ হ’ব৷  গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধক অংশুল গুপ্তাই৷

সংবাদ মেলত তেওঁ লগতে কয় যে সোণাপুৰৰ ওচৰৰ তেতেলীয়াৰ পৰা বর্ণিহাট হৈ শ্বিলঙলৈ ৰে’লপথ নির্মাণ কৰা হ’ব৷ ইয়াৰ বাবে তেতেলীয়া–বর্ণিহাট ৰে’ল প্রকল্পলৈ ১০১ কোটি টকা আবণ্টন দিয়া হৈছে৷ এইবাৰৰ কেন্দ্রীয় বাজেটত উত্তৰ–পূব সীমান্ত ৰে’লৱেলৈ মুঠ ৮,০৬০ কোটি টকা আবণ্টন দিয়া হৈছে৷ ইয়াৰে ৪,৩৩০ কোটি টকা নতুন ৰে’লপথৰ দ্বৈত পথ নির্মাণ, ৩,৪৭০ কোটি টকা সুৰক্ষা আৰু ক্ষমতা বৃদ্ধি, ১৬৬ কোটি টকা ৰে’লযাত্রীৰ সা–সুবিধা বৃদ্ধিৰ বাবে ধার্য কৰা হৈছে৷ সংবাদ মেলত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধকগৰাকী সদৰী কৰা মতে, লকডাউনৰ সময়ছোৱাত আন ৰে’ল সংমণ্ডলৰ দৰে উত্তৰ–পূব সীমান্ত ৰে’লৱেতো যাত্রীৰ পৰা হোৱা আয় হ্রাস পাইছে৷ কেন্দ্রৰ ৰে’ল মন্ত্রালয়ৰ পৰা সেউজ সংকেত পোৱাৰ পাছতে সম্প্রতি বন্ধ হৈ থকা স্থানীয় ৰে’লসমূহৰ চলাচল পুনৰ আৰম্ভ হ’ব৷ ইয়াৰ লগতে অহা ৩১ মার্চৰ ভিতৰত ৰঙিয়া হৈ গুৱাহাটীলৈ বিদ্যুৎচালিত ৰে’ল চলাচল কৰাৰ উপৰি ৰে’ল দুর্ঘটনা পৰিহাৰ পদ্ধতি ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে৷

এই সংবাদ মেলত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ পাঁচোটা সংমণ্ডলৰ ডি জি এমসকলে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অংশগ্রহণ কৰে৷ উপস্থিত থাকে অতিৰিক্ত মহাপ্রবন্ধক এম কে গুপ্তা, প্রধান মুখ্য অপাৰেটিং প্রবন্ধক ইউ হাজৰিকা, প্রধান মুখ্য সুৰক্ষা বিষয়া এম কে আগৰৱালা, উপ–মহাপ্রবন্ধক প্রণৱজ্যোতি শর্মাকে ধৰি উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া৷

You might also like