নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানসিক অশান্তিৰ বাবে স্বামী–স্ত্রীৰ আত্মহনন

নিয়মীয়া বাৰ্তা , ৭ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তর্গত কলনীৰ বাসিন্দা সত্যৰঞ্জন ঘোষৰ পুত্র বিজয় ঘোষ ওৰফে বাপ্পী (৫২) আৰু তেওঁৰ পত্নী মামণি ঘোষে (৪২) আত্মহত্যা কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে বৃহত্তৰ চাপৰ অঞ্চলত৷

জানিব পৰা মতে, আলিপুৰ হেমেলটনৰ বাসিন্দা বিজয় ঘোষ প্রায় ২৫/৩০ বছৰ পূর্বে কর্মসূত্রে চাপৰলৈ আহি নিজা ভিনীয়েকৰ ঘৰত পৰিয়ালসহ বসবাস কৰি আছিল৷ দুবছৰমান পূর্বে বিজয় ঘোষ পক্ষাঘাত ৰোগত আক্রান্ত হৈ ক্রমে সুস্থ হ’বলৈ ধৰিছিল আৰু স্বাভাৱিক জীৱনযাত্রা অব্যাহত ৰখাৰ লগতে একমাত্র কন্যাগৰাকীক কালি হোষ্টেলত থৈ আহে৷ আন দিনাৰ দৰে কালিও স্বাভাৱিকভাৱে চলা–ফুৰা কৰাৰ পাছত হঠাৎ আত্মহত্যাৰ দৰে চৰম পন্থা গ্রহণ কৰা বিষয়টোৱে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

জানিব পৰা মতে, বিজয় ঘোষে বিহপান কৰি মজিয়াত পৰি থকাৰ বিপৰীতে পত্নী মামণি ঘোষে চিপ লৈ আত্মহত্যা কৰে৷ পাছত চাপৰ ৰাজহ চক্রৰ কার্যবাহী দণ্ডাধীশৰ উপস্থিতিত দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্রেৰণ কৰে চাপৰ আৰক্ষীয়ে৷ প্রণিধানযোগ্য যে যোৱা ৩ ফেব্রুৱাৰীতো একেটা অঞ্চলৰে মেধাৱী ছাত্রী ৰঞ্জনা দাসেও চিপ লৈ আত্মহত্যা কৰিছিল৷ এইপর্যন্ত আত্মহত্যাৰ ৰহস্য ভেদ হোৱা নাই যদিও মানসিক অশান্তিৰ বাবেই দম্পতীটোৱে এনে চৰম সিদ্ধান্ত লোৱা বুলি চর্চা অব্যাহত আছে৷

You might also like