নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত APPSC প্ৰশ্নকাকত ফাদিলৰ উত্তেজনা অব্যাহতঃ ইণ্টাৰনেট সেৱা বন্ধ

নিয়মীয়া বাৰ্তা, ১৮  ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলক লৈ আজি দ্বিতীয় দিনাও উত্তেজনা অব্যাহত আছে। ইতিমধ্যে প্ৰশাসনে ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈকে সমগ্ৰ ৰাজধানী অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে। সমান্তৰালভাবে প্ৰতিবাদকাৰীসকলে  বাৰ ঘণ্টীয়া ৰাজধানী এলেকা বন্ধও  ২১ ফেব্ৰুৱাৰীলৈ বাহাল ৰাখিছে ।

উল্লেখ্য যে অৰুণাচল  প্ৰদেশ লোকসেৱা আয়োগৰ (এপিপিএছচি) সহকাৰী অভিযন্তা (চিভিল) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ ক্ষীপ্ৰ তদন্তৰ বাবে গঠন কৰি দিয়া অৰুণাচল যুটীয়া পৰিচালনা সমিতিয়ে (পিএজেএছচি) ৰখা ১৩ দফীয়া দাবী চাৰ্তৰ প্ৰতি “ৰাজ্য চৰকাৰৰ অভাৱপূৰ্ণ মনোভাৱ”ৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি  কালি পুৱাৰ  পৰা ১২ ঘন্টীয়া ৰাজধানী বন্ধ ঘোষণা কৰিছিল কিন্তু চৰকাৰে কোনো সহাৰি নজনাই হিংসাত্মক ৰূপ ধাৰন কৰাত প্ৰতিবাদী সকলো উগ্ৰ হৈ পৰে আৰু  বন্ধৰ ম্যাদ ২১ তাৰিখলৈ বৃদ্ধি কৰে ৷

এই বন্ধত বান্দৰদেৱা পৰা ৰাজধানী ইটানগৰলৈকে সমগ্ৰ এলেকাৰ জনজীৱন স্থবিৰ হৈ পৰে ৷ ৰাজধানী ইটানগৰ প্ৰশাসনে ১৪৪ধাৰা ৰুজু কৰি বন্ধ বিফল কৰাৰ লগতে আইন-শৃংখলা অটুত ৰাখিবলৈ আৰক্ষী-সেনাৰ জোৱানক মোতায়েন কৰিও সফল হ’ব পৰা নাই আজি দ্বিতীয়টো দিনতো  ৷ প্ৰতিবাদী সমদলকাৰী সকলে প্লে-কাৰ্ড আৰু বেনাৰ হাতত লৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু গ’ বেক ,অপৰাধীক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে সমগ্ৰ ৰাজধানী এলেকা উত্তাল কৰি তুলে ৷

লখ্যনীয় কথাটো হ’ল ভোকে লঘুনে ন্যায্যতা বিছাৰি প্ৰতিবাদ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় মহিলা সকলে পানী আৰু খোৱা বস্তু যোগান ধৰে ৷

ইফালে ,অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে কালিৰ এই ঘটানক দুখ প্ৰকাশ কৰাৰ লগতে আহত সকলোকে চৰকাৰী ভাৱে চিকিৎসা কৰাৰ  নিৰ্দেশ জাৰী কৰিছে আৰু অধিক অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্যৰাখি ৰাজধানী এলেকাৰ অতি স্পৰ্সকাতৰ তিনিটা পথ সম্পূৰ্ণ ৰূপে প্ৰশাসনে বন্ধ কৰি দিয়ে। ঘটনাৰ সবিশেষ আলোচনাৰ বাবে শনিবাৰে দিনৰ ১১বজাত প্ৰতিবাদকাৰী সকলৰ লগত এক আলোচনাৰ বাবে চৰকাৰে নিমন্ত্ৰণ জনাইছিল যদিও চৰকাৰী নিমন্ত্ৰণক প্ৰতিবাদকাৰীসকলে প্ৰত্যাখ্যান কৰি ২১ ফেব্ৰুৱাৰীলৈকে প্ৰতিবাদ অব্যাহত ৰাাখিছে ৷

আনহাতে চুবুৰীয়া ৰাজ্যখনত এনেদৰে বন্ধ হোৱাৰ বাবে হাৰমতী বজাৰত ব্যাপক প্ৰভাব পৰা পৰিলক্ষিত হৈছে ৷ বাণিজ্যৰ কেন্দ্ৰ স্থল হাৰমতী বজাৰলৈ অসমৰ বিভিন্ন জিলাৰ ক্ষুদ্ৰ খেতিয়ক সকলে শাক-পাছলি আনি বিক্ৰী কৰি জীৱীকা উলিয়াই কিন্তু  এই বন্ধৰ ফলত খেতিয়কসকলৰ মাজত হাহাকাৰ পৰিস্থিতি হোৱা দেখা গৈছে।

প্ৰতিবেদনঃ মুকুল ভূঞা 

You might also like